কলম বেচা কিশোৰীক উপহাৰ দিলে আই ফোন, কিয় হৃদয় জিনিলে তেজপ্ৰতাপৰ?

ভগৱান কৃষ্ণ আৰু শিৱৰ ৰূপ ধাৰণ কৰাৰ পৰা দলীয় অনুষ্ঠান আৰু অন্যান্য অনুষ্ঠানত বাঁহী বজোৱালৈকে প্ৰায়ে সংবাদ শিৰোনামত থকা এজন যুৱ নেতা। হয়, আৰজেডিৰ নেতা লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপৰ কথাই কোৱা হৈছে। বিভিন্ন আৰু বিচিত্ৰ ধৰণে জনসাধাৰণক প্ৰভাৱিত কৰি চৰ্চাৰ বিষয় হৈ পৰে এইগৰাকী নেতা। এইবাৰ তেজ প্ৰতাপ যাদৱে দান কৰিলে ৫০,০০০ টকাৰ আইফোন। নিজে আইফোন ক্ৰয় কৰি পাটনাৰ ৰাস্তাত কলম বেচি থকা এজনী দৰিদ্ৰ ছোৱালীক উপহাৰ দিলে। ইয়াৰ পিছতে তেজ প্ৰতাপৰ বহল মনৰ হৃদয়ৰ কথা চৰ্চিত হৈছে সামাজিক মাধ্যমত। ঘটনাটো সন্ধিয়া সময়ৰ।

তেজ প্ৰতাপে বন্ধুবৰ্গৰ সৈতে পাটনাৰ বোৰিং ৰোড এলেকাত ফুৰিবলৈ ওলাই গৈছিল। সেই সময়ত চিৰাচৰিতভাবে এজনী সৰু ছোৱালীয়ে ৰাজপথত কলম বিক্ৰী কৰা আছিল। কিশোৰী ছোৱালীজনী দেখাৰ লগে লগে আগবাঢ়ি গ’ল তেজপ্ৰতাপ যাদৱ। গাড়ীৰ পৰা নামি তাইৰ সৈতে বাৰ্তালাপ কৰিবলৈ আৰম্ভ কৰিলে। তেজ প্ৰতাপে নামটো সোধাৰ লগে লগে কলে-মোৰ নাম মেঘা, পুনাই চক অঞ্চলত মই বাস কৰোঁ, মোৰ দেউতাই অটো ৰিক্সা চলায়। ডাঙৰ হৈ বিখ্যাত ব্যক্তি হোৱাৰ মন, ঘৰখনক আৰ্থিকভাবে সকাহ দিব বিচাৰো। কণমানিৰ আকাশ চোৱাৰ হেঁপাহে হৃদয় চুই গল তেজপ্ৰতাপৰ। লগে লগে কিশোৰীগৰাকীৰ ইচ্ছাৰ কথা জানিলে তেজ প্ৰতাপে আৰু অৰ্ধ লাখ টকাৰ আইফোন উপহাৰ দিলে। কণমানি ছোৱালীজনীক ৰাস্তাত কলম বিক্ৰী কৰা দেখি ইমানেই আবেগিক হৈ পৰিল যে কিশোৰীগৰাকীৰ আহ্বানক ওলাই কৰিব নোৱাৰিলে বিহাৰৰ যুৱ নেতাগৰাকীয়ে।

ৰাজনীতিৰ পথাৰত অথবা ব্যক্তিগত ক্ষেত্ৰত সফল হওক বা নহওক, তেজপ্ৰতাপৰ এই কাৰ্যক বহুজনে প্ৰশংসা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...