ইছলাম এৰি চৈয়দ ৱাছিম ৰিজভীয়ে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম

অৱশেষত হিন্দু ধৰ্ম গ্ৰহণ কৰিলে ছিয়া ৱাকফ বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজভীয়ে। ৱাকফ বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজভীয়ে আজি সম্পূৰ্ণ ৰীতি-নীতিৰে সনাতন ধৰ্ম গ্ৰহণ কৰে গাজিয়াবাদত। ৱাছিম ৰিজভীৰ নতুন নাম হৰবীৰ নাৰায়ণ সিং ত্যাগী। হিন্দু ধৰ্ম গ্ৰহণ কৰিয়েই ৰিজভীয়ে নাম পৰিৱৰ্তিত কৰে জিতেন্দ্ৰ নাৰায়ণ সিং ত্যাগীলৈ। হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ লগে লগে তেওঁ সলনি কৰিলে নিজৰ নামো। এতিয়াৰে পৰা ৰিজভীক জনা যাব জিতেন্দ্ৰ নাৰায়ণ সিং ত্যাগী হিচাপে।

এমাহ পূৰ্বে তেওঁৰ প্ৰকাশিত হৈছিল এখন বিতৰ্কিত গ্ৰন্থ মহম্মদ। এই গ্ৰন্থতে ইছলাম ধৰ্মক তীক্ষ্ণ সমালোচনা কৰিছিল ৰিজভীয়ে। তেওঁৰ মতে বিশ্বত ইছলাম নামৰ কোনো ধৰ্মই নাই। উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত দাষ্ণা দেৱী মন্দিৰত হিন্দু ধৰ্মগ্ৰহণ কৰে ইচলামৰ কট্টৰ সমালোচক ৱাছিম ৰিজভীয়ে। ইছলাম ধৰ্মক সমালোচনা কৰি মুছলমান সমাজৰ ৰোষত পৰে ৱাছিম ৰিজভী। বিতৰ্কিত গ্ৰন্থখনৰ বাবেই মুছলমান সমাজৰ পৰা বাহিৰ কৰি দিছিল ছিয়া ৱাকফ বৰ্ডৰ প্ৰাক্তন অধ্যক্ষজনক। এই কাৰ্যত অধিক ক্ষুব্ধ হৈ উঠে ৱাছিম ৰিজভী।

তেওঁৰ মতে-ইছলামৰ পৰা মোক উলিয়াই দিয়া হ’ল যেতিয়া মই কি ধৰ্ম গ্ৰহণ কৰো সেয়া মোৰ স্বতন্ত্ৰতা। সনাতন ধৰ্ম বিশ্বৰ আটাইতকৈ পৌৰাণিত ধৰ্ম। এই সনাতন ধৰ্মত যি মহানতা আছে সেয়া অন্য কোনো ধৰ্মত নাই বুলি হিন্দু ধৰ্ম গ্ৰহণ কৰিয়ে কয়- ৱাছিম ৰিজভীয়ে।

ৰিজভীয়ে ইছলাম ধৰ্মৰ সংস্কাৰৰ বাবে ছুপ্ৰিম কৰ্টতো আবেদন জনাইছে। কোৰাণৰ পৰা ২৬ টা আয়াত উঠাই দিয়াৰ দাবী উত্থাপন কৰিছিল ৱাছিম ৰিজভীৱে। এই আবেদনৰ সন্দৰ্ভত আদালতে শুনানি গ্ৰহণ কৰে যদিও ৰিজভীৰ আবেদন খাৰিজ কৰে আদালতে। এই বিষয়ক লৈ কেইবাটাও ইছলামিক সংগঠনৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে ৱাছিম ৰিজভী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...