ক’ভিড ৰোগী বৃদ্ধি হ’লে মুকলি কৰা হ’ব সৰুসজাই ক’ভিড হাস্পতাল

ক’ভিড পৰিস্থিতি চম্ভালিবলৈ সাজু স্বাস্থ্য বিভাগ। ৰাজ্যত ক’ভিড ৰোগীৰ সংখ্যা পুনৰ বৃদ্ধি হ’লে মুকলি কৰা হ’ব সৰুসজাই ক’ভিড হাস্পতাল। আজি এই কথা প্ৰকাশ কৰে GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই। ৰাজ্যত কৰ’নাৰ সংক্ৰমণ এতিয়াও অব্যাহত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, সৰুসজাই ক’ভিড হাস্পতাল সাজু হৈ আছে আৰু প্ৰয়োজন হ’লে ইয়াক পুনৰ ব্যৱহাৰ কৰা হ’ব। মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰি তেওঁ লগতে জনায় ১০ হেজাৰ ৰোগীৰ ওপৰত এক পৰীক্ষা চলোৱা হৈছিল। ইয়াৰ পৰা নিশ্চিত কৰা মতে ভেকচিন নোলোৱা ৮৫ শতাংশ লোকৰে ক’ভিডত মৃত্যু হৈছে। বাকী সকলৰ মাজত ভেকচিন লোৱা লোকো আছে। ভেকচিন ল’লে মৃত্যুৰ হাৰ বহুখিনি হ্ৰাস পায় বুলি উল্লেখ কৰি ড০ শৰ্মাই অ’মিক্ৰনৰ পৰা শিশুসকলক ৰক্ষাৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। ইয়াৰোপৰি পিকনিক পাৰ্টী পৰিহাৰ কৰাৰ লগতে ক’ভিড প্ৰ’টকল মানি বিবাহ বা আন সমাৰোহত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...