অ’মিক্ৰন : আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ ওলালেও কোৱাৰেণ্টিন বাধ্যতামূলক

অ’মিক্ৰনক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা – আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ ওলালেও ৭ দিনৰ কোৱাৰেণ্টিনত থকাটো বাধ্যতামূলক। আনহাতে, ক’ভিড প’জিটিভ ওলালে নিৰ্দিষ্ট প্ৰট’কল অনুসৰি চিকিৎসাধীন কৰাৰ লগতে তেনে যাত্ৰীৰ নমুনা জেন’মিক পৰীক্ষাৰ বাবে উপযুক্ত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব। বিমান বন্দৰত অৱতৰণৰ পাছতে বিদেশ ভ্ৰমণ কৰি অহা সকলো যাত্ৰীৰে ক’ভিডৰ আৰটি পিচিআৰ পৰীক্ষা কৰাটো বাধ্যতামূলক।৫ বছৰৰ শিশু ভ্ৰমণকাৰীক ৰেহাই দিয়া হ’ব। অৱশ্যে এনে শিশু যাত্ৰীৰ শৰীৰত ক’ভিডৰ লক্ষণ পৰিলক্ষিত হ’লে তেওঁৰ ক’ভিড পৰীক্ষা কৰা হ’ব। অসম অভিমুখী বা অসমৰ পৰা যোৱা প্ৰতিগৰাকী বিমানযাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে বিমান যাত্ৰাৰ পূৰ্বেই বিগত ১৪ দিনৰ বিদেশ ভ্ৰমণ বৃত্তান্তসহ ‘এয়াৰসুবিধা’ প’ৰ্টেলত স্ব-ঘোষণাপত্ৰ দাখিল কৰাৰ লগতে ভ্ৰমণৰ পূৰ্বৰ ৭২ঘণ্টাৰ ভিতৰত কৰা ক’ভিড RTPCR পৰীক্ষাৰ নিগেটিভ ৰিপোৰ্ট আপলোড কৰিব লাগিব।

বিমানত উঠাৰ পূৰ্বেই এয়াৰসুবিধা প’ৰ্টেলৰ জৰিয়তে বা এয়াৰলাইন্স কৰ্তৃপক্ষৰ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ক বিমান যাত্ৰীয়ে ক’ভিড সন্দৰ্ভত গৃহ বা প্ৰতিষ্ঠানিক কুৱাৰেণ্টিনত থাকিবলৈ চৰকাৰী কৰ্তৃপক্ষই দিয়া সিদ্ধান্ত পালন কৰিবলৈ সন্মতি জনাই স্বঘোষণা দাখিল কৰিব লাগিব। অমিক্ৰনৰ সংক্ৰমন ঘটা দেশসমূহৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত বিমানবন্দৰত অধিক কঠোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিমানবন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণৰ বাবে যাত্ৰীয়ে নমুনা দিব লাগিব। বিমানবন্দৰত অৱতৰণৰ পাছত ন্যূনতম শাৰীৰিক দূৰত্বকে ধৰি সকলো ক’ভিড প্ৰট’কল মানি যাত্ৰীয়ে বিমানৰ পৰা নামিব লাগিব। বিশ্বৰ প্ৰায় ৩০খন দেশত শেহতীয়াকৈ উদ্বেগজনক হাৰত অমিক্ৰনৰ সংক্ৰমন হোৱাৰ বাবে সৰ্তকতা হিচাপে চৰকাৰে বান্ধি দিছে এই নীতি-নিয়ম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পুনৰ গুৱাহাটী যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...

বেদখলকাৰীৰ ৰেহাই নাই… ভাঙি পেলোৱা হ’ল প্ৰায় ৫৫টা অবৈধ ঘৰ

দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ আৰম্ভ প্ৰশাসনৰ...