আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

আজি ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ২১ সংখ্যক ভাৰত–ৰাছিয়া শীৰ্ষ সন্মিলনত মিলিত হ’ব। ২০১৯ৰ নৱেম্বৰত ব্ৰাজিলিয়াত BRICS শীৰ্ষ সন্মিলনৰ পিছত দুয়োজন ৰাষ্ট্ৰনেতাৰ এয়া হ’ব প্ৰথম মুখামুখি বৈঠক। অ’মিক্ৰনক লৈ সমগ্ৰ বিশ্বজুৰি সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতি সৃষ্টি হোৱাৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। এই শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনে বিভিন্ন দ্বিপাক্ষিক বিষয়ক লৈ আলোচনাত মিলিত হোৱাৰ লগতে উভয় দেশৰ সম্পৰ্ক অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিব। শীৰ্ষ সন্মিলনৰ পূৰ্বে দুয়োদেশৰ বৈদেশিক আৰু প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ পৰ্যায়ৰ আলোচনাও অনুষ্ঠিত হ’ব। মূলতঃ ৰাজনৈতিক আৰু প্ৰতিৰক্ষা বিষয়সমূহক এই আলোচনাত উভয় দেশে অগ্ৰাধিকাৰ প্ৰদান কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...