শিশু শিক্ষা সমিতি অসমৰ নতুন সভাপতি বিশিষ্ট শিক্ষাবিদ ড0 দিব্যজ্যোতি মহন্ত

অসমৰ শিক্ষা জগতৰ এক শক্তিশালী সংগঠন শিশু শিক্ষা সমিতি অসমৰ নতুন সভাপতি ৰূপে মনোনীত হৈছে বিশিষ্ট শিক্ষাবিদ ড৹ দিব্যজ্যোতি মহন্ত। অসম চৰকাৰৰ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ডীন ৰূপে কৰ্মৰত ড৹ মহন্তক শিশু শিক্ষা সমিতি অসমৰ বাৰ্ষিক সাধাৰণ সভাত ঘোষণা কৰা হয় এই পদৰ বাবে।

কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰৰ হাজংবড়ীস্থিত বিদ্যা ভাৰতীৰ বহুমুখী শৈক্ষিক প্ৰকল্পত ২৮ নৱেম্বৰত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত শিশু শিক্ষা সমিতি অসমৰ বৰ্তমানৰ সভাপতি ড৹ নিৰ্মল বৰুৱা, আৰু বিদ্যা ভাৰতীৰ বহুকেইজন অধিকাৰী উপস্থিত আছিল। শিশু শিক্ষা সমিতি অসমৰ বিগত বৰ্ষৰ প্ৰতিবেদন পাঠ কৰে বিশিষ্ট শিক্ষাবিদ তথা সমিতিৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে।

এই সাধৰণ সভাতে বহুকেইগৰাকী শিক্ষাবিদে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কাৰ্যপ্ৰণালী ৰূপায়ণৰ বিষয়ে আলোকপাত কৰে। উল্লেখিত যে নগাওঁ জিলাৰ সাংস্কৃতিবান পৰিয়ালত জন্মলাভ কৰি এক কলা-সংস্কৃতি আৰু শৈক্ষিক ক্ষেত্ৰৰ আগৰণুৱা সৈনিকৰূপে জীৱন আৰম্ভ কৰা বিশিষ্ট শিক্ষাবিদ ড৹ দিব্যজ্যোতি মহন্ত নগাঁও কন্যা মহাবিদ্যালয়ৰ গণিত শাস্ত্ৰ বিভাগৰ মূৰব্বী অধ্যাপক ৰূপেও নিয়োজিত আছিল। বৰ্তমান ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ সৈতেও জড়িত হৈ আছে। ড৹ দিব্যজ্যোতি মহন্তই শিশু শিক্ষা সমিতি অসমৰ আগন্তুক তিনি বছৰৰ বাবে সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিব। শিশু শিক্ষা সমিতি অসমৰ এই ঘোষণাক আদৰণি জনাইছে অসমৰ শৈক্ষিক সমাজে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...