সংসদ ভৱনলৈ ট্ৰেক্টৰ ৰেলী স্থগিত; ৪ ডিচেম্বৰত পৰৱৰ্তী কাৰ্যপন্থা ঘোষণা কৰিব প্ৰতিবাদী কৃষকে

কৃষি আইন বাতিল বিধেয়ক, ২০২১ সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন হ’বলৈ সাজু হোৱাৰ লগে লগে, সংযুক্ত কিষাণ মৰ্চাৰ (SKM) মূল সমিতিয়ে শনিবাৰে কয় যে, তেওঁলোকে ৪ ডিচেম্বৰত তেওঁলোকৰ পৰৱৰ্তী কাৰ্যপন্থা ঘোষণা কৰিব।

কৃষি আইন বাতিল বিধেয়ক, ২০২১ৰ লক্ষ্য হৈছে যোৱা বছৰ সংসদৰ দ্বাৰা গৃহীত তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰা। লোকসভাৰ ৱেবছাইটত তালিকাভুক্ত কাৰ্যক্ৰমণিকাত উল্লেখ কৰা হৈছে যে, কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ২০২০ চনৰ কৃষি বিধেয়ক বাতিল কৰাৰ বাবে এখন বিধেয়ক উত্থাপন কৰিবলৈ আগবাঢ়িব। মন্ত্ৰীজনে অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ সংশোধন কৰিবলৈও প্ৰচেষ্টা হাতত ল’ব।

দিনটোৰ আৰম্ভণিতে মিলিত হোৱা SKMৰ মূল সমিতিৰ সদস্যসকলে কয় যে, তেওঁলোকে নৰেন্দ্ৰ সিং টোমৰে প্ৰকাশ কৰা বিবৃতিটো বিশ্লেষণ কৰিব বিচাৰে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...