MSP সমিতি গঠন কৰা হ’ব; এতিয়া প্ৰতিবাদী কৃষক সকল ঘৰলৈ যাওঁক : নৰেন্দ্ৰ সিং টোমৰ

শনিবাৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে নূন্যতম সমৰ্থন মূল্য (MSP) প্ৰণালীক অধিক স্বচ্ছ আৰু কাৰ্যকৰী কৰাৰ বাবে এখন সমিতি গঠনৰ কথা ঘোষণা কৰিছে।

“এই সমিতি গঠনৰ লগে লগে MSPৰ ওপৰত কৃষকসকলৰ দাবী পূৰণ হ’ব। এই সমিতিখনত কৃষক সংগঠনৰ প্ৰতিনিধি থাকিব,” নৰেন্দ্ৰ সিং টোমৰে কয়। লগতে আন্দোলনকাৰী কৃষকসকলক “ঘৰলৈ যাবলৈ” আহ্বান জনায়।

নৰেন্দ্ৰ সিং টোমৰে লগতে কয়, “তিনিখন কৃষি আইন বাতিলৰ সিদ্ধান্ত ঘোষণাৰ পিছত কৃষকৰ আন্দোলন অব্যাহত ৰখাৰ কোনো অৰ্থ নাই। মই কৃষকসকলক তেওঁলোকৰ আন্দোলন সমাপ্ত কৰি ঘৰলৈ যাবলৈ অনুৰোধ জনাইছো।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...