১৮ নৱেম্বৰৰ পৰা মাজুলীত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ

মাজুলীত ৰাস মহোৎসৱৰ ব্যাপক ব্যস্ততা
মাজুলীৰ ৫৪টা মঞ্চ, ২০খন সত্ৰত অনুষ্ঠিত হ’ব ৰাস
ৰাসৰ বাবে মুখা নিৰ্মাণত ব্যস্ত চামগুৰি সত্ৰৰ শিল্পী

সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাজ্যজুৰি ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী তথা কলা-কুশলীসকল। অন্য প্ৰান্তৰ সমান্তৰালকৈ মাজুলীতো ৰাসৰ ব্যস্ততা। মাজুলীৰ প্রান্তে প্রান্তে এতিয়া খোল-তাল-গীতৰ শব্দত মুখৰিত পৰিবেশ। মাজুলীৰ ৫৪টা মঞ্চ আৰু কুৰিখন সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী তথা কলা কুশলী সকল। শিশুৰ পৰা বৃদ্ধলৈকে সকলো ওলাই আহিছে ৰাসৰ আখৰাৰ বাবে।

মাহজোৰা আখৰাৰ অন্তত ১৮ নৱেম্বৰৰ পৰা মাজুলীত অনুষ্ঠিত হ’ব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ। ১৮১ বছৰ অতিক্ৰম কৰা এই ৰাস মহোৎসৱ সম্পূৰ্ণ সাত্ত্বিক আৰু তাত্ত্বিক ভাৱে অনুষ্ঠিত কৰা হয়। আনহাতে ৰাস মহোৎসৱৰ বাবে মুখা নিৰ্মাণত ব্যস্ত হৈ পৰিছে চামগুৰি সত্ৰৰ শিল্পী। মাজুলীৰ পৰম্পৰা শৈলীত নিৰ্মান কৰা এই মুখাবোৰ মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰে শিল্পী সকলে। ৰাসৰ আগমণত এতিয়া ব্যস্ততাৰ অন্ত নাই এইসকল শিল্পীৰ। সমান্তৰালভাৱে ৰাসলীলা মহোৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ ভিন্ন প্ৰান্তৰ পৰা মাজুলীলৈ আগমন ঘটিছে পৰ্যটকৰ।

মাজুলীৰ পৰা মিটু খাটনিয়াৰৰ প্ৰতিবেদন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...