উত্তৰ শালমাৰাৰ যুৱ ব্যৱসায়ীৰ মহানুভৱতাঃ অৰ্দ্ধশতাধিক পৰিয়ালক অন্ন, বস্ত্ৰ প্ৰদান

মানুহৰ কৰিবলৈ মন থাকিলে কৰিব নোৱাৰা কাম একো নাই। তাৰেই যেন জ্বলন্ত উদাহৰণ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা গাৰো দোকানৰ উদীয়মান যুৱ ব্যৱসায়ী সঞ্জয় ৰায়। গাৰো দোকানৰ চিলাৰায় কেমিকেল বাটাম নামৰ উদ্যোগটোৰ স্বত্বাধিকাৰী ৰবি চন্দ্ৰ ৰায়ৰ কনিষ্ঠ পুত্ৰ সঞ্জয় ৰায়ে প্ৰতিদিনে বিভিন্ন অঞ্চলৰ পিছপৰা তথা দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দি পৰিচয় দিছে মহানুভৱতাৰ। নিজৰ সীমিত উপাৰ্জনৰ পৰাই আৰ্তজনক এমুঠি খাদ্য আৰু বস্ত্ৰ প্ৰদান কৰাটোৱেই যেন জীৱনৰ লক্ষ্য হিচাপে বাচি লৈছে সঞ্জয়ে। উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সাধাৰণ সদস্য সঞ্জয়ে এসময়ত আৰ্থিক অভাৱৰ মাজেৰে পাৰ কৰিব লগা হৈছিল জীৱনৰ সোণোৱালী শৈশৱ। প্ৰকৃতিক ভাল পোৱা পিতৃ ৰবি চন্দ্ৰ ৰায়ে গছ ৰক্ষাৰ বাবেই বাচি লৈছিল কেমিকেল বাটাম তৈয়াৰ কৰা এটা ক্ষুদ্ৰ উদ্যোগ। এই উদ্যোগটোৰে স্বাৱলম্বী হোৱা সঞ্জয় আজি এগৰাকী সফল যুৱ ব্যৱসায়ীৰূপে পৰিগণিত হৈছে। সমাজৰ হকে কাম কৰি সঞ্জয়ে দুৰ্যোগৰ সময়ত জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে আৰ্তজনক আগবঢ়াই আহিছে সহায়ৰ হাত। যাৰ বাবে স্বাধীনতা দিৱসত সঞ্জয়ক বঙাইগাঁও জিলা প্ৰশাসনে জ্ঞাপন কৰে সম্বৰ্দ্ধনা। সঞ্জয় ৰায়ৰ এই কৰ্মৰ আঁৰত নাই কোনো ৰাজনৈতিক পৰিকল্পনা। মানুহে মানুহৰ বাবেই কিবা এটা কৰি যোৱাৰ হাবিয়াস পুহি ৰখা সঞ্জয়ে অনাগত দিনবোৰতো আৰ্তজনৰ হৈ নিঃস্বাৰ্থ ভাৱে সামাজিক দায়বদ্ধতা পালন কৰি যাব বুলি দৃঢ়প্ৰতিজ্ঞ।

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...