৮ সহস্ৰাধিক চাইকেল আৰোহীয়ে সংগ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক

0 157

মাজুলীত চাইকেল চলাই প্ৰচাৰ আৰম্ভ মুখ্যমন্ত্ৰীৰ

গড়মূৰৰ পৰা মহৰিচুকলৈকে মুখ্যমন্ত্ৰীয়ে চলালে ১৩ কিঃমিঃ পথ চাইকেল

৮ সহস্ৰাধিক চাইকেল আৰোহীয়ে সংগ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক

সোমবাৰে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলীৰ পৰাই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী আৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ১৩ কিলোমিটাৰ পথ চাইকেল চলাই মাজুলীত মুখ্যমন্ত্ৰীয়ে দিলে নিৰ্বাচনী চমক। দিনৰ প্ৰায় ১১:৩০ ‍‍বজাত গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা আৰম্ভ হয় মুখ্যমন্ত্ৰীৰ চাইকেল যাত্ৰা। এই যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী ৰণোজ পেগু আৰু বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰে প্ৰায় ৮ সহস্ৰাধিক দলীয়  কাৰ্যকৰ্তা, শুভাকংক্ষী তথা সমৰ্থকে। মাজুলীৰ বিভিন্ন গাঁৱৰ মাজেৰে গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল যাত্ৰাৰ অন্ত পৰে মহৰিচুকত। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ উলিওৱা হয় এই বিশাল চাইকেল শোভাযাত্ৰা। চাইকেল যাত্ৰাৰ আৰম্ভণিতেই NKTVৰ কেমেৰাৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।

বহুদিনৰ মূৰত চাইকেল চলাইছো, ভাল লাগিছে

মুখ্যমন্ত্ৰীৰ চাইকেল যাত্ৰাত অংশগ্ৰহণ কৰে বিজেপিৰ কেইবাসহস্ৰাধিক যুৱকৰ্মীয়ে। ইয়াতেই উফুল্লিত হৈ পৰে বিজেপিৰ যুৱমৰ্চাৰ ৰাজ্যিক নেতৃত্ব। যুৱমৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ দাবী

মাজুলীৰ ৰাইজৰ সৈতে এক আবেগিক সম্পৰ্ক আছে মু্খ্যমন্ত্ৰীৰ

চাইকেল যাত্ৰাৰ দীঘলীয়া পথছোৱাৰ সময়ত বিভিন্ন স্থানত ৰাইজে মুখ্যমন্ত্ৰীক আদৰণি জনায়। মুখ্যমন্ত্ৰীক চাবলৈ পথৰ দুয়োকাষে ভিৰ কৰে অগণন লোকে। ঠায়ে ঠায়ে মুখ্যমন্ত্ৰীক ফুলাম গামোচাৰে আদৰণি জনোৱাৰ উপৰিও ক্ষন্তেক সময় ৰৈ ৰাইজৰ খা–খবৰ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে চাইকেল যাত্ৰাৰ আৰম্ভণিতে গড়মূৰ মিনি ষ্টেডিয়ামত এখন জনসভা সম্বোধন কৰি মাজুলীবাসী ৰাইজক কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২০২৪ৰ ডিচেম্বৰৰ ভিতৰত মুকলি হ’ব মাজুলী–ধূনাগুৰী দলং

২০২৫ৰ ডিচেম্বৰৰ ভিতৰত মুকলি হ’ব মাজুলীৰ চেলেক দলং

২০২৬ৰ পূৰ্বেই সম্পূৰ্ণ হ’ব যোৰহাট–মাজুলী দলং

দলং মুকলিৰ পিছতে মাজুলীত স্থাপন হ’ব এখন মেডিকেল কলেজ

মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দাবী–

৩য় বাৰলৈ মোদী প্ৰধানমন্ত্ৰী হ’লে দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হ’ব অসম

অসমৰ ৰাইজে নিবিচাৰে সংসদত মোদীৰ বিৰোধিতা কৰা সাংসদ

নাম প্ৰকাশ নকৰাকৈয়ে যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধেও মাজুলীত সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী।

বিৰোধী কংগ্ৰেছক লুডু খেলৰ সাপে খোৱা দল আখ্যা মুখ্যমন্ত্ৰীৰ

আনহাতে চাইকেল যাত্ৰাৰ অন্তত সাংবাদিকেৰে হোৱা বাৰ্তালাপত

বিৰোধীৰ ৩ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দিয়া মানহানি গোচৰ প্ৰসংগতো মাজুলীত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

দিল্লীয়ে হেঁচা দিয়াৰ বাবেই মোৰ বিৰুদ্ধে গোচৰ তৰিছে ভূপেন বৰাই

Leave A Reply

Your email address will not be published.