ফ্লাইঅ’ভাৰ পাইছে, ভিন্ন আঁচনি পাইছে, হৈ গৈছে ঋণ পৰ্যন্ত মাফ!

দেশে যিমানেই উন্নয়নৰ জখলা বগাইছে, সিমানেই দাম বাঢ়িছে জীৱনৰ। জীয়াই থাকিবলৈ দুবাৰ চিন্তা কৰিবলগীয়া হৈছে দুখীয়া নিচলা আৰু খাটি খোৱা মানুহে। শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈকে ঔষধৰ ওপৰতে নিৰ্ভশীল বহু মানুহ এতিয়া বিপদত পৰিছে। কিয়নো ১ এপ্ৰিলৰ পৰাই দেশত বৃদ্ধি পালে৯২৩ বিধ জীৱনদায়িনী ঔষধৰ দাম।

দেশত এতিয়া উন্নয়নৰ বোৱতী ধাৰ, মূল্যবৃদ্ধি নহ’ব কিয়?
ইলেক্টৰেল বণ্ডৰ নামত ৰাজনেতাই ফাৰ্মা কোম্পানীৰ পৰাই লৈছে ৯০০ কোটি টকা
মূল্যবৃদ্ধি নহ’ব কিয়?
ফ্লাইঅ’ভাৰ পাইছে, ভিন্ন আঁচনি পাইছে, হৈ গৈছে ঋণ পৰ্যন্ত মাফ!
আপুনিয়েই কওক, মূল্যবৃদ্ধি নহ’ব কিয়?

২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথমটো দিনতেই সৰ্বসাধাৰণলৈ চৰকাৰৰ বাম্পাৰ অফাৰ। ভাল দিনৰ উন্নয়নৰ কথা পুনৰ বাৰ প্ৰতিপন্ন কৰি-
দেশত বৃদ্ধি পালে ৯২৩ বিধ জীৱনদায়িনী ঔষধৰ দাম
এণ্টিবায়’টিক, পেইনকিলাৰকে ধৰি বহু গুৰুত্বপূৰ্ণ ঔষধৰ মূল্য হ’ল আকাশলংঘী

NATIONAL PHARMACUTICAL PRICING AUTHORITYৰ অনুমোদৰ পিছতে ১ এপ্ৰিলৰ পৰা বাঢ়িছে দাম। শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈকে ঔষধৰ ওপৰতে নিৰ্ভশীল বহু মানুহ আপোনাৰ মোৰ পৰিয়ালত আছে। তেওঁলোকক নিতৌ ঔষধ লাগে। সেই লোকসকল এতিয়া বিপদত পৰিছে।

এনে বহু মানুহ আপোনাৰ মোৰ আশে পাশে আছে, যি চিপলা, পেৰাচিটামল, Glycomet, Benazepril hydrochloride, Lotensin অথবা Capoten বুলিলে চিনি নাপায়। তেওঁলোকে বেমাৰৰ নাম কয় আৰু ঔষধ কিনে। জেনেৰিক মেডিচিন কি তেওঁলোকে বুজি নাপায়। সেই মানুহখিনি বিপদত পৰিছে।

তাৰ মাজতে আমাৰ বহুবল্কী নেতাই কৈছে আজৱ কথা

দিলীপ শইকীয়া ডাঙৰীয়া, সাম্প্ৰতিক জৰা-ব্যাধিৰ এই পৃথিৱীত ফাৰ্মাচীয়ে ফাৰ্মাচীয়ে জীৱন বিচাৰি ফুৰা প্ৰতিজন মানুহক সোধক চিংৰা, পিজ্জা আৰু ঔষধৰ মূল্য আৰু গুৰুত্বৰ পাৰ্থক্য। ব্যয়বহুল চিকিত্সা ব্যৱস্থাৰ বাবে আপোনজনক চকুৰ সন্মুখতে মৰিবলৈ দিবলগীয়া হৈছে বহুজনে। তেওঁলোকক সোধক আপোনাৰ এই চিংৰা-পিজ্জাৰ ফৰ্মূলা কিমান যথাৰ্থ।

জয়ন্ত মল্ল ডাঙৰীয়া, দৰৱৰ দাম শুনি প্ৰেচাৰ বাঢ়ি যোৱা অশীতিপৰ হাৰ্টৰ ৰোগীজনক সোধক ৰাজ্যত কিমান উপলব্ধ জেনেৰিক মেডিচিনৰ ফাৰ্মাচি? কিমানখন বিপনীয়ে গ্ৰাহকক নিজেই আগবঢ়াই দিয়ে জেনেৰিক মেডিচিন? জেনেৰিক মেডেচিনৰ বাবে ঔযধৰ কম্পজিশ্বন লিখি দিয়া থাকে কিমানজন চিকিত্সকৰ প্ৰেস্কিশ্যনত?

এই কথা-কাণ্ডবোৰ আপোনালোকৰ কথাবোৰৰ দৰেই জটিল। হোজা মানুহে ইয়াৰ ভূ কে নাপায়। সৰ্বসাধাৰণক লাগে খুটি খাব পৰাকৈ এমুঠি চাউল, দুটামান দাইল আৰু অলপ নিমখ। বেমাৰত জীয়াই থাকিব পৰাকৈ পৰিমিত মূল্যৰ দুটামান ঔষধ। জনতাক তাকে দিব নোৱাৰিলে অন্তত খাটি খোৱা ৰাইজক তাচ্ছিল্য কৰি এনে গছত গৰু উঠা কথাবোৰ নকব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...