গুৱাহাটীৰ সাত ধৰ্মীয় ক্ষেত্ৰ সংযুক্ত হ’ব জলপথেৰে

১৯ মে’ত আইডব্লিউএআই, এছডিচিএল, এটিডিচি আৰু ডিআইডব্লিউটিৰ মাজত ‘ৰিভাৰাইন ভিত্তিক পৰ্যটন চাৰ্কিট’ৰ বাবে বুজাবুজিৰ চুক্তি (MOU)ত স্বাক্ষৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত চুক্তি স্বাক্ষৰ অনুষ্ঠান

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় (MOPSW) অভ্যন্তৰীণ জলপথৰ উন্নয়নৰ অৰ্থে অংগীকাৰবদ্ধ। ইয়াৰে সংগতি ৰাখি ব্ৰহ্মপুত্ৰত পৰিকল্পিত ‘ৰিভাৰাইন ভিত্তিক পৰ্যটন চাৰ্কিট’ৰ বাবে ২০২৩ৰ ১৯ মে’ত গুৱাহাটীত এক বুজাবুজিৰ চুক্তি (MOU) স্বাক্ষৰিত হ’ব। এই চুক্তি স্বাক্ষৰিত হ’ব ভাৰতৰ অভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষ (IWAI), সাগৰমালা উন্নয়ন কোম্পানী লিমিটেড (SDCL), অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড (ATDC) আৰু অভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় (DIWT), অসমৰ মাজত। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব।

এই প্ৰকল্পটো সাগৰমালা কাৰ্য্যক্ৰমৰ অধীনত ৪০-৪৫ কোটি টকা প্ৰাৰম্ভিক ব্যয় সাপেক্ষে ৰূপায়ণ কৰা হৈছে। এছডিচিএল আৰু আইডব্লিউএআয়ে যৌথভাৱে এই প্ৰকল্প ব্যয়ৰ ৫৫% অৰিহণা যোগোৱাৰ সমান্তৰালকৈ বাকীখিনি ব্যয় এটিডিচিয়ে বহন কৰিব। প্ৰকল্পটোৰ বাবে ডিআইডব্লিউটিয়ে বিনামূলীয়াকৈ মন্দিৰৰ ওচৰৰ ঘাটসমূহ ব্যৱহাৰ কৰিবলৈ সন্মতি দিছে।

এই সাগৰমালা প্ৰকল্পই গুৱাহাটীৰ সাত ঐতিহাসিক মন্দিৰ যথাঃ কামাখ্যা, পাণ্ডুনাথ, অশ্বক্লান্ত, দৌল গোবিন্দ, উমানন্দ, শুক্ৰেশ্বৰ আৰু আউনীআটি সত্ৰক সংযোগ কৰিব। উজান বজাৰৰ হনুমান ঘাটৰপৰা এই চাৰ্কিটে প্ৰস্থান কৰিব আৰু উল্লেখিত সকলো মন্দিৰ জলপথেৰে সংযোগেৰে যাত্ৰা সম্পূৰ্ণ কৰিব। ২ ঘন্টাৰো কম সময়তে এই ফেৰী সেৱাৰ এটা সম্পূৰ্ণ চাৰ্কিট সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...