অব্যাহত গৰুৰ চোৰাং সৰবৰাহ, গৰুৰে ভৰ্তি দুখন ট্ৰাকসহ জালত ৫জন

ৰাজ্যত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত। এইবাৰ ধেমাজিত আৰক্ষীয়ে জব্দ কৰিছে দুখন গৰুভৰ্তি ট্ৰাকসহ ৫জন সৰবৰাহকাৰীক ৷

ধেমাজি আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি দুখন গৰুভৰ্তি ট্ৰাকত সৰবৰাহ কৰা ৪৯টা গৰুসহ ৫ জন লোকক আটক কৰে ৷ ধেমাজি জিলাৰ গেলুৱা আৰু চিমেনচাপৰি অঞ্চলৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা গৰুসমূহ গুৱাহাটী-মেঘালয় হৈ বাংলাদেশলৈ নিয়াৰ উদ্দেশ্যৰে সৰবৰাহ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আবুল কালাম, আমিৰ উদ্দিন, ৰফিকুল আলী, চফিকুল ইছলাম আৰু এম ডি চালামতক গ্ৰেপ্তাৰ কৰিছে ৷

ইতিমধ্যে জব্দ কৰা গৰুসহ ট্ৰাক দুখন ধেমাজি থানাত ৰাখিছে ৷ জব্দ হোৱা ট্ৰাক দুখনৰ নম্বৰ হৈছে AS-01LC7970 আৰু MN-0303176৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...