নুমলীগড়ৰ ঔগুৰি চাপৰিত এতিয়া শোকাকুল পৰিৱেশ

মৃত্যু জীৱনৰ চিৰন্তন সত্য। কিন্তু এনে মৃত্যুক জানো মানি ল’ব পাৰি! কোনে বুজাব কোনে বুজিব, নুমলীগড়ৰ ঔগুৰি চাপৰিত এতিয়া শোকাকুল পৰিৱেশ।

কথা আছিল একেলগে ফুৰাৰ। কথা আছিল একেলগে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ। কিন্তু নিয়তিয়ে যেন তেওঁলোকৰ সপোনবোৰ দিঠক হ’বলৈ নিদিলে। আধৰুৱা হৈ ৰ’ল কথাবোৰ। অৰুণাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত শেষ হৈ গ’ল ৪টাকৈ জীৱন।

বাসগৃহলৈ নিয়া হ’ল মীনা চেত্ৰী, সুৰজ চেত্ৰী আৰু ৰঞ্জিত চেত্ৰীৰ নশ্বৰদেহ। মৃতদেহ ঘৰলৈ লৈ যোৱাৰ পিছতে সৃষ্টি হয় এক বৰ্ণনাতীত পৰিৱেশৰ। কোনেও যেন মানি ল’ব পৰা নাই, হাঁহি থকা জীৱনকেইটা যে এনেকৈয়ে শেষ হৈ গ’ল। নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জনাই ঔগুৰি চাপৰিৰ ৰাইজে। ইয়াৰ মাজতে অসুস্থ হৈ পৰে মৃত ৰঞ্জিত চেত্ৰীৰ পত্নী হৰিমায়া চেত্ৰী। সঁচাই এনে ঘটনা কাৰোৰে লগতে নঘটক। এনেকৈয়ে বুকু হুদা নহওক কাৰোৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ।...

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...