নুমলীগড়ৰ ঔগুৰি চাপৰিত এতিয়া শোকাকুল পৰিৱেশ

মৃত্যু জীৱনৰ চিৰন্তন সত্য। কিন্তু এনে মৃত্যুক জানো মানি ল’ব পাৰি! কোনে বুজাব কোনে বুজিব, নুমলীগড়ৰ ঔগুৰি চাপৰিত এতিয়া শোকাকুল পৰিৱেশ।

কথা আছিল একেলগে ফুৰাৰ। কথা আছিল একেলগে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ। কিন্তু নিয়তিয়ে যেন তেওঁলোকৰ সপোনবোৰ দিঠক হ’বলৈ নিদিলে। আধৰুৱা হৈ ৰ’ল কথাবোৰ। অৰুণাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত শেষ হৈ গ’ল ৪টাকৈ জীৱন।

বাসগৃহলৈ নিয়া হ’ল মীনা চেত্ৰী, সুৰজ চেত্ৰী আৰু ৰঞ্জিত চেত্ৰীৰ নশ্বৰদেহ। মৃতদেহ ঘৰলৈ লৈ যোৱাৰ পিছতে সৃষ্টি হয় এক বৰ্ণনাতীত পৰিৱেশৰ। কোনেও যেন মানি ল’ব পৰা নাই, হাঁহি থকা জীৱনকেইটা যে এনেকৈয়ে শেষ হৈ গ’ল। নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জনাই ঔগুৰি চাপৰিৰ ৰাইজে। ইয়াৰ মাজতে অসুস্থ হৈ পৰে মৃত ৰঞ্জিত চেত্ৰীৰ পত্নী হৰিমায়া চেত্ৰী। সঁচাই এনে ঘটনা কাৰোৰে লগতে নঘটক। এনেকৈয়ে বুকু হুদা নহওক কাৰোৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...