সাৱধান! মেডিকেল কলেজৰ অধীক্ষকসহ ৫জন চিকিত্সক একেলগে আক্ৰান্ত কভিডত

অসমত এতিয়াও কভিডৰ সংক্ৰমণ শেষ হোৱা নাই। নতুনকৈ দ্ৰুতগতিত আৰু শক্তিশালী ৰূপত সংক্ৰমিত অমিক্ৰনৰ কোনো ৰোগী ধৰা পৰা নাই যদিও দৈনিক নতুন নতুন ৰোগী ধৰা পৰাৰ তথ্য পোহৰলৈ আহিছে। বৰাকৰ একমাত্ৰ মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ হাস্পতালতো বাঢ়িছে কভিড ৰোগী। এইবাৰ একেলগে ৫জনকৈ চিকিত্সকৰ দেহত ধৰা পৰিছে কভিড। চিকিত্সা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ অভিজিত স্বামীসহ ৫জন চিকিত্সকৰ দেহত পোৱা গৈছে কভিড পজিটিভ। চিকিত্সক ডাঃ ঋতুৰাজ টাকুৰীয়া আৰু ডাঃ অজিত দে আক্ৰান্ত হৈছে কভিডত। চিকিত্সক প্ৰদীপ চৌধুৰী আৰু ডাঃ পবিত্ৰ বৰুৱাও আক্ৰান্ত কভিড ভাইৰাছত।

ইয়াৰে চিকিত্সক ঋতুৰাজ টাকুৰীয়া আৰু ডাঃ অজিত দেক কভিড ৱাৰ্ডত ৰাখি চিকিত্সা অব্যাহত ৰখা হৈছে। আনহাতে চিকিত্সক প্ৰদীপ চৌধুৰী আৰু ডাঃ পবিত্ৰ বৰুৱা তথা চুপাৰইণ্টেণ্ডেণ্ট ডাঃ অভিজিত স্বামীক হোম আইছলেচনত ৰখা হৈছে। শিলচৰ চিকিত্সা মহাবিদ্যালয়ৰ পৃথক পৃথক বিভাগত কৰ্মৰত হৈ আছিল চিকিত্সককেইজন। একেলগে ৫জন চিকিত্সক কভিডত আক্ৰান্ত হোৱাৰ পিছতে পুনৰ আতংকই দেখা দিছে চিকিত্সা মহাবিদ্যালয়খনত। সকলোকে কভিড ভেকচিন লোৱাৰ আহ্বান প্ৰশাসনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...