৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়া: ১৯ জানুৱাৰীত অসম দলৰ জাৰ্ছী উন্মোচন অনুষ্ঠান

উত্তৰাখণ্ডত হ’বলগা আসন্ন ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ জাৰ্ছী উন্মোচন অনুষ্ঠান অহা ১৯ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব৷ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে জনোৱা অনুসৰি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ সহযোগত অসম অলিম্পিক সন্থাই দিনৰ ১০.৩০ বজাত আয়োজন কৰা উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় ক্ৰীড়া অংশ ল’ব লগা অসম দলটোক আনুষ্ঠানিকভাবে শুভেচ্চামুলক বিদায়ো জনোৱা হ’ব৷

এই অনুষ্ঠানত জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল, সন্থাৰ দুই জ্যেষ্ঠ উপ-সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱাৰ লগতে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা উপস্থিত থাকিব৷

আনহাতে, উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ চিফ দ্য মিছন অভিজিত ভট্টাচাৰ্য, অলিম্পিক পদক তথা খেলৰত্ন সন্মান লাভ কৰা ৰাজ্যৰ একমাত্ৰ ক্ৰীড়াবিদ লাভলীনা বৰগোহাই, অলিম্পিয়ান আৰ্চাৰ জয়ন্ত তালুকদাৰ, কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়াসহ কেবাজনো খেলুৱৈ তথা সংগঠকৰ লগতে ৰাজ্য চৰকাৰৰ শীৰ্ষ ক্ৰীড়া বিষয়াও অনুষ্ঠানত উপস্থিত থাকিব বুলি সম্পাদক কোৱৰে লগতে অবগত কৰে৷

উল্লেখ্য যে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ অসম অলিম্পিক সন্থাই মুঠ ২২ বিধ খেলৰ বাবে প্ৰায় তিনিশজনীয়া খেলুৱৈ-বিষয়াৰ অসম দল প্ৰেৰণ কৰিব৷ অসম চৰকাৰৰ সহযোগত অসম দলক বিমানৰে অহা-যোৱা ব্যৱস্থা কৰা হৈছে বুলিও কোৱৰে জনায়৷ ইফালে, দেওবাৰৰ অনুষ্ঠানতে ডেপুটি চিফ দ্য মিছনৰ দায়িত্ব দিব লগা সংগঠকসকলৰ নামো সভাপতিয়ে অনুষ্ঠানিকভাৱে ঘোষণা কৰিব৷

বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে ৫৬ টা পদক লাভ কৰি দ্বাদশ স্থানত আছিল৷ এইবাৰ অসম দলত অলিম্পিয়ানৰ লগতে কমনৱেলথ আৰু এছিয়ান গেমছত পদক লাভ কৰা তথা প্ৰায় কুৰিজন দেশক প্ৰতিনিধিত্ব কৰা আন্তৰ্জাতিক খেলুৱৈও থাকিব৷ ইফালে, এইবাৰ ১৭ বছৰ পাছত ৰাষ্ট্ৰীয় ক্ৰীড়া খেলাৰ বাবে অসমৰ পুৰুষ ফুটবল দলে যোগ্যতা অৰ্জন কৰিছে৷ উল্লেখ্য যে ২০০৭ চনত অসমত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া অসমৰ পুৰুষ দলে সোণ লাভ কৰিছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...