ঈদৰ দিনাই ৩২৪ কাৰ্টুন খিচমিচ জব্দ, কোনে হৰলুকি কৰিছিল ৮ লাখ টকাৰ খিচমিচখিনি?

কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা। কামৰূপৰ দদৰা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চুৰি হোৱা খিচমিচৰ কাৰ্টুন। উদ্ধাৰ হোৱা খিচমিচৰ পৰিমাণ প্ৰায় ৩২৪ কাৰ্টুন। উদ্ধাৰ হোৱা খিচমিচখিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা। নগাঁৱৰ কামপুৰ আৰু মৰিগাঁৱত উদ্ধাৰ কৰে খিচমিচখিনি। যোৱা ২৭ এপ্ৰিলত কামৰূপৰ শিঙিমাৰী শীতলীকৰণ ভৱনৰ পৰা গুৱাহাটীলৈ আনি থকা অৱস্থাত হৰলুকি হৈছিল ৮ লক্ষাধিক টকা মূল্যৰ খিচমিচখিনি। ঘটনাৰে জড়িত দুজনক আটক কৰিবলৈ সক্ষম হৈছে দদৰা আৰক্ষীয়ে। ধৃত লোক দুজন ক্ৰমে গোবিন্দ মল্লিক আৰু জহৰুল হক। নিশা দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰজ্যোতি নাথৰ নেতৃত্বত চলিছিল অভিযান।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...