মক্কাত পদপিষ্ট হৈ মৃত্যু অসমৰ ৩ হজযাত্ৰীৰ

আজি পৱিত্র ঈদ। সমূহ ঈছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ। কিন্তু ঈদৰ মাজতেই আহিছে এটা দু:খবৰ। মক্কাত পদপিষ্ট হৈ মৃত্যু হৈছে অসমৰ ৩জনকৈ হজযাত্ৰীৰ। পৱিত্র হজ পালন কৰিবলৈ গৈ মৃত্যু হজযাত্ৰী ৩গৰাকীৰ। দেওবাৰে মক্কাৰ মিনাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো। মিনাৰ চফাৰ ময়দানত প্ৰচণ্ড ভিৰত পদপিষ্ট হৈ মৃত্যু হয় তেওঁলোকৰ। কাছাৰৰ বৰখলাৰ মৌলানা ছইফ উদ্দিন বৰভূঞাৰ মৃত্যু, মৃত্যু হাইলাকান্দিৰ চান্দপুৰ গাঁৱৰ ছালেহা বেগম বৰভূঞাৰ, বৰপেটাৰ জৰিনা বেগম নামৰ হজযাত্ৰীগৰাকীৰো মৃত্যু। ৩ হজযাত্ৰীৰ মৃতদেহ স্থানীয় হাস্পতালৰ মর্গত ৰাখিছে ছৌদি প্রশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...