ছত্তীশগড়ৰ এজন যুৱকলৈ আহিল কোহলী, এ বি ডি ভিলিয়াৰ্ছৰ দৰে ক্ৰিকেটাৰৰ ফোন…

লক্ষ্য বৰগোহাঁই

ছত্তীশগড়ৰ মনিষ নামৰ এজন সাধাৰণ যুৱকে এটা অদ্ভুত আৰু অবিস্মৰণীয় অভিজ্ঞতাৰ সাক্ষী হৈছিল। কাহিনীটোৰ আৰম্ভণি হৈছিল এটা ফোন নম্বৰৰ পৰা, যিটো নম্বৰ আগতে আৰ চি বি (RCB)ৰ অধিনায়ক ৰজত পাটিদাৰে ব্যৱহাৰ কৰিছিল।

কিছু বিশেষ কাৰণত ৰজত পাটিদাৰে এই নম্বৰটোত কেইবামাহ ধৰি ৰিচাৰ্জ কৰা নাছিল। এয়াৰটেল (AIRTEL) নেটৱৰ্কৰ নিয়ম অনুসৰি, ৯০ দিনৰো অধিক সময় ধৰি নম্বৰটো ব্যৱহাৰ নকৰিলে সেই নম্বৰটো কোম্পানীয়ে পুনৰ উদ্ধাৰ (Surrender) কৰি লয়। তেনেকৈয়ে এই নম্বৰটো এয়াৰটেলৰ পৰা ছত্তীশগড়ৰ মনিষৰ হাতত পৰিল। যোৱা জুন মাহত মনিষে নম্বৰটো জিঅ’ (JIO) নেটৱৰ্কলৈ পৰিৱৰ্তন কৰি নিজৰ মোবাইলত সংযোগ কৰিলে।

ইয়াৰ পিছৰ কাহিনীটো অতি আকৰ্ষণীয়। মনিষৰ বন্ধুসকলে তেওঁৰ হোৱাটছএপ (WhatsApp) প্ৰ’ফাইলত ৰজত পাটিদাৰৰ ফটো দেখিছিল, কিন্তু তেওঁলোকে এই বিষয়টোক গুৰুত্ব দিয়া নাছিল। কিন্তু সকলো সলনি হৈ গ’ল ১৫ জুলাইত। সেইদিনা মনিষৰ ফোনত এটা অচিনাকী নম্বৰৰ পৰা ফোন আহিল। সিফালৰ পৰা কোৱা হ’ল, “কি খবৰ, ক’ত ব্যস্ত?” মনিষে অচিনাকী নম্বৰ দেখি সুধিলে, “কোন তুমি?” উত্তৰত সিফালৰ পৰা কোৱা হ’ল, “আবে, মই বিৰাট!” মনিষে মজা কৰি ক’লে, “অ’ তেন্তে মই এম এছ ধোনী!”

কিন্তু তাৰ পিছৰে পৰা মনিষৰ ফোনত কলৰ পিছত কল আহিবলৈ ধৰিলে। এ বি ডি ভিলিয়াৰ্ছৰ পৰা আৰম্ভ কৰি আৰ চি বিৰ সতীৰ্থ আৰু প্ৰশিক্ষকৰো ফোন আহিবলৈ ধৰিলে। মনিষে প্ৰথমতে এই কলবোৰক গুৰুত্ব নিদিলে, কিন্তু কিছুদিনৰ পিছত ৰজত পাটিদাৰৰ পৰা এটা মেইল আহিল। সেই মেইলত ৰজতে মনিষৰ পৰা নম্বৰটো ঘূৰাই বিচাৰিলে। তেতিয়াহে মনিষৰ গা শিয়ঁৰি উঠিল, যে কেইদিনমান আগতে অহা কলবোৰ সঁচাকৈয়ে বিৰাট কোহলী আৰু এ বি ডি ভিলিয়াৰ্ছৰ পৰা আছিল!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...