‘পাকিস্তানৰ ভাবুকিৰ আগত ভাৰতে শিৰনত নকৰে’; আছিম মুনীৰক ভাৰতৰ উত্তৰ, আমেৰিকালৈও বাৰ্তা

নতুন দিল্লীয়ে পাকিস্তানৰ সেনাপ্রধান জেনেৰেল আছিম মুনীৰৰ মন্তব্যৰ প্ৰত্যুত্তৰত কাঢ়া বার্তা প্ৰকাশ কৰিছে। সোমবাৰে ভাৰতৰ বিদেশ মন্ত্রণালয়ৰ তৰফৰ পৰা এই বিষয়ে এখন বিবৃতি জাৰি কৰা হৈছে। বিদেশ মন্ত্রণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই বিবৃতিটো সামাজিক মাধ্যমতো পোষ্ট কৰিছে। ভাৰতে স্পষ্টভাৱে জনাইছে যে, পাকিস্তানৰ পৰমাণু হুমকিৰ সন্মুখত তেওঁলোক শিৰ নত নকৰিব। লগতে, ‘বন্ধু দেশ’ আমেৰিকাৰ মাটিত থিয় হৈ এনে মন্তব্য কৰাটো দুৰ্ভাগ্যজনক বুলিও নতুন দিল্লীয়ে উল্লেখ কৰিছে।

বিদেশ মন্ত্রণালয়ৰ বিবৃতিত কোৱা হৈছে যে, “আমেৰিকাৰ পৰা পাকিস্তানৰ সেনাপ্রধান আছিম মুনীৰৰ কিছু মন্তব্যই আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে। পৰমাণু অস্ত্ৰৰ বিষয়ে হৈ-চৈ কৰাটো পাকিস্তানৰ মূল চালিকাশক্তি। এনে মন্তব্যত দায়িত্বহীনতা স্পষ্ট হৈ পৰিছে, আৰু আন্তৰ্জাতিক সম্প্ৰদায়ে এই বিষয়ে নিজৰ সিদ্ধান্ত ল’ব পাৰে। এনে এখন দেশৰ হাতত পৰমাণু অস্ত্ৰৰ নিয়ন্ত্ৰণ থকাটোৱে আগৰ পৰাই সৃষ্টি হোৱা সন্দেহবোৰক আৰু শক্তিশালী কৰিছে, য’ত সামৰিক বাহিনীয়ে সন্ত্ৰাসবাদী গোষ্ঠীৰ সৈতে হাত মিলাইছে।” ইয়াৰ পিছতে আমেৰিকাৰ উদ্দেশ্যে বাৰ্তা দি বিবৃতিত কোৱা হৈছে, “এনে মন্তব্য বন্ধুত্বপূৰ্ণ তৃতীয় দেশৰ মাটিত থিয় হৈ কৰা হৈছে, যিটো দুৰ্ভাগ্যজনক। ভাৰতে পৰমাণু হুমকিৰ সন্মুখত কেতিয়াও শিৰ নত নকৰে। এই কথা আমি আগতেও স্পষ্ট কৰিছো। জাতীয় নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আমি সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম।”

ভাৰতীয় সেনাৰ ‘অপাৰেশন সিন্দূৰ’ আৰু তাৰ পিছৰ ভাৰত-পাকিস্তানৰ সংঘাতৰ পিছত দুমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে পাকিস্তানৰ সেনাপ্রধান আমেৰিকালৈ গৈছে। ফ্ল’ৰিডাৰ টাম্পাত শিল্পপতি আদনান আছাদৰ আয়োজিত এখন নৈশভোজত তেওঁ অংশ লৈছিল। তাত তেওঁ কৈছিল, “আমি এখন পৰমাণু শক্তিধৰ দেশ। যদি আমি ভাবোঁ যে, আমি ধ্বংসৰ পথলৈ আগবাঢ়িছো, তেন্তে আমি আধা বিশ্বক লগত লৈ ধ্বংস হ’ম।” পৰ্যবেক্ষকৰ মতে, আমেৰিকাৰ মাটিত থিয় হৈ তৃতীয় কোনো দেশক এনে পৰমাণু হুমকি দিয়াৰ নজিৰ বিৰল।

ইয়াৰ পিছত মুনীৰে সিন্ধু জলচুক্তিৰ বিষয়ে ভাৰতৰ অৱস্থানৰ কথা উত্থাপন কৰিছিল। বিগত ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত আক্ৰমণৰ ঘটনাত পাকিস্তানক দায়ী কৰি ভাৰতে সিন্ধু জলচুক্তি স্থগিত কৰিছিল। এই চুক্তিয়ে সিন্ধু আৰু পাঁচ উপনদীৰ পানী ভাৰত আৰু পাকিস্তানৰ মাজত কেনেকৈ বণ্টন হ’ব, তাৰ চৰ্ত নিৰ্ধাৰণ কৰে। সিন্ধু, বিতস্তা আৰু চন্দ্ৰভাগা—এই তিনিখন নদী পাকিস্তানৰ মাজেৰে বৈ যায়। ভাৰতে এই চুক্তিৰ চৰ্ত পালন নকৰিলে পাকিস্তানত পানীৰ সংকটৰ সৃষ্টি হ’ব পাৰে। মুনীৰে কৈছিল, “ভাৰতে বান্ধ নিৰ্মাণ কৰক, আমি অপেক্ষা কৰিম। যেতিয়া বান্ধ নিৰ্মাণ হৈ যাব, আমি ১০টা মিছাইল নিক্ষেপ কৰি সেই বান্ধ ধ্বংস কৰি দিম।” তেওঁ আৰু দাবী কৰিছিল যে, “সিন্ধু নদী ভাৰতৰ পৈতৃক সম্পত্তি নহয়। আমাৰ হাতত ক্ষেপণাস্ত্ৰৰ কোনো অভাৱ নাই।”

সম্প্রতি খনিজ তেলৰ বিষয়ে আমেৰিকাৰ সৈতে পাকিস্তানৰ এখন চুক্তি সম্পন্ন হৈছে। ৰাছিয়াৰ পৰা তেল আমদানিৰ বাবে ভাৰতৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। সেই সূত্ৰে পাকিস্তানৰ সৈতেও আমেৰিকাৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে। ইছলামাবাদৰ ওপৰত ১৯ শতাংশ শুল্ক আৰোপ কৰা হৈছে। ভাৰতৰ বিদেশ মন্ত্রণালয়ৰ বিবৃতিত দুয়োখন দেশকে বাৰ্তা প্ৰেৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...