গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত AIUDFৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস পালন

আজি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDFৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দলৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়তো প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। পুৱা দলৰ কাৰ্যকৰী সভাপতি আবু ছালেহ নাজমুদ্দিনে দলীয় পতাকা উত্তোলন কৰে আৰু দলৰ বিষয়ে বক্তব্য প্ৰদান কৰে। বদৰুদ্দিন আজমলৰ নেতৃত্বত ২০০৫ চনৰ আজিৰ দিনটোতে গঠন হোৱা এই ৰাজনৈতিক দলটোৰ বৰ্তমানৰ উপ-সভাপতি তথা মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে এটি কেক্ কাটি প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰি দলৰ জন্ম বৃত্তান্ত সুঁৱৰি দল জন্ম লগ্নৰ পৰাই জনগণৰ বাবে কৰি অহা সংগ্ৰামৰ কথা ব্যক্ত কৰি দলৰ বাবে শ্বহীদ হোৱা সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনাগত দিনবোৰত দলক আৰু শক্তিশালী কৰাৰ বাবেও সংকল্প গ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...