২০, ২১ মাৰ্চত বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান, কিন্তু কিয়?

২০, ২১ মাৰ্চত পৰ্যটকৰ বাবে বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক নিৰ্দেশনা অনুসৰি জানিবলৈ দিয়া হৈছে যে বাৰ্ষিক গঁড় পিয়লৰ নিৰূপণৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ২০ আৰু ২১ মাৰ্চ তাৰিখে ওৰাং ৰাষ্ট্ৰীয় উদ্যান সাধাৰণ পৰ্যটকৰ বাবে বন্ধ থাকিব। এই সময়চোৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ চাৰিসীমাৰ ভিতৰত পৰ্যটকক প্ৰবেশৰ অনুমতি দিয়া নহ’ব বুলি বন বিষয়াৰ কাৰ্যালয়ৰ পৰা জানিবলৈ দিয়া হৈছে। নিৰ্দেশনা মতে ২২ মাৰ্চত ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...