ধিং কাণ্ডৰ ২ অভিযুক্তৰ নাগালেণ্ড আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ

ধিং কাণ্ডৰ ২ অভিযুক্তৰ নাগালেণ্ড আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ। ফৰিদুল খান, গোলাপউদ্দিন খানক গ্ৰেপ্তাৰ। ধিঙত কিশোৰীৰ ধৰ্ষণৰ পিছতেই পলায়ন কৰিছিল দুয়োটা নৰপিশাচে। নাগালেণ্ডৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি প্ৰকাশ। আৰক্ষীয়ে দুয়োকে লৈ আহিছে নগাঁৱলৈ। ইতিমধ্যে গ্ৰেপ্তাৰৰ পিছত মৃত্যু হৈছিল মূল অভিযুক্ত তফাজ্জুল ইছলামৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ গৈ পানীত পৰি মৃত্যু তফাজ্জুলৰ। ধিং ধৰ্ষণকাণ্ডক লৈ ৰাজ্যজুৰি হৈছিল প্ৰতিবাদ। ৩ ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ হৈছিল ৰাজ্যজুৰি। ২২ আগষ্টৰ ঘটনাৰ পিছতে দুয়ো পলাইছিল হোজাইৰ মোৰাঝাৰলৈ। মোৰাঝাৰৰ পৰা গৈ আত্মগোপন কৰিছিল নাগালেণ্ডৰ ডিমাপুৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...