ঢেকিয়াজুলিৰ ১৪৭ গৰাকী দৰিদ্ৰ ৰোগীক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক্‌ বিতৰণ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি নিজ সমষ্টি ঢেকিয়াজুলিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত সমষ্টিটোৰ ১৪৭ গৰাকী আৰ্থিকভাৱে দুৰ্বল ৰোগীক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক্‌ বিতৰণ কৰে৷ সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ কল্যাণৰ অৰ্থে প্ৰত্যক্ষভাৱে আগবঢ়োৱা এনেধৰণৰ কল্যাণকামী পদক্ষেপৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...