পাকিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১৩জন সেনা জোৱান

পাকিস্তানৰ ৱাজিৰিস্থানত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত নিহত কমেও ১৩জন পাকিস্তানী সেনা জোৱান। এই ঘটনাত আহত হয় সাধাৰণ নাগৰিককে ধৰি কমেও ৩০জন লোক। ইতিমধ্যে আত্মঘাতী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তান তালিবান নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে। স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰা মতে খাইবাৰ পাখতুনখাৱা প্ৰদেশৰ উত্তৰ ৱাজিৰিস্থানত পাকিস্তানী সেনাৰ এটা কনভয়ৰ গাড়ীত খুন্দা মাৰে সন্ত্ৰাসবাদীৰ বিস্ফোৰক ভৰ্তি এখন বাহনে। ইয়াৰ ফলত থিতাতে নিহত হয় সেনাৰ ১৩ জন জোৱান। এই ঘটনাত আন ১০জন সেনা জোৱান গুৰুতৰভাৱে আহত হোৱাৰ লগতে ২০জন সাধাৰণ নাগৰিকো আহত হয়। আহত ৪জন সেনা জোৱানৰ অৱস্থা অতি সংকটজনক বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ ফলত ওচৰৰ দুটা ঘৰৰ চালিও সম্পূৰ্ণৰূপে ভাঙি পৰে। ফলত ঘৰটোৰ ভিতৰত থকা কমেও ৬টা শিশু আহত হয়। ইতিমধ্যে পাকিস্তান তালিবানৰ সহযোগী হাফিজ গুলবাহাদুৰ নামৰ সশস্ত্ৰ সংগঠনটোৱে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। উল্লেখ্য যে ২০২১ত তালিবান বাহিনী আফগানিস্তানত ক্ষমতাধিষ্ঠিত হোৱাৰ পিছৰে পৰা আফগানিস্তান সীমান্তৱৰ্তী পাকিস্তানৰ বিভিন্ন অঞ্চলত হিংসাত্মক ঘটনা অব্যাহত আছে। চলিত বছৰটোতে বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে খাইবাৰ পাখতুনখাৱা আৰু বেলুচিস্তান অঞ্চলত চলোৱা আক্ৰমণত কমেও ২৯০জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। নিহত লোকসকলৰ অধিকাংশই হৈছে পাকিস্তানী নিৰাপত্তাৰক্ষী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...