বিশ্বৰ সবাতোকৈ প্ৰদূষিত অঞ্চল অসম–মেঘালয় সীমান্তৰ বৰ্ণিহাট

বিষ বাষ্পৰ কৱলত সমগ্ৰ ভাৰত। বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰসমূহৰ অধিকাংশই হৈছে শেহতীয়া এক প্ৰতিবেদন অনুসৰি বিশ্বৰ সবাতোকৈ ভয়াৱহ ৰূপত প্ৰদূষিত ২৫খন চহৰৰ ভিতৰত ১৫খনেই হৈছে ভাৰতৰ। দিল্লীৰ পৰা ফৰিদাবাদ, নয়দা, মুজফৰনগৰকে ধৰি অধিকাংশ চহৰেই হৈছে ভাৰতৰ। প্ৰদূষিত চহৰৰ তালিকাত একমাত্ৰ ৰাজধানী চহৰৰূপে অন্তৰ্ভুক্ত হৈছে নতুন দিল্লীৰ নাম। প্ৰতিবেদন অনুসৰি বিশ্বৰ সবাতোকৈ প্ৰদূষিত অঞ্চলৰূপে অন্তৰ্ভুক্ত হৈছে অসম–মেঘালয় সীমান্তৰ বৰ্ণিহাট। যোৱা বছৰৰ শেষভাগত সংগ্ৰহিত তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰিছে ছুইজাৰলেণ্ডৰ IQAir নামৰ সংস্থাটোৱে। তালিকা অনুসৰি বিশ্বৰ সবাতোকৈ প্ৰদূষিত ৰাজধানী চহৰ হ’ল নতুন দিল্লী। সামগ্ৰিকভাৱে প্ৰদূষিত দেশসমূহৰ তালিকাৰ পঞ্চম স্থানত আছে ভাৰত। ২০২৩ত এই তালিকাত ভাৰতৰ স্থান আছিল তৃতীয়। পৰৱৰ্তী বছৰটোত ভাৰতৰ প্ৰদূষণৰ মাত্ৰা ৭ শতাংশ হ্ৰাস পাইছে। ২০২৩ত ভাৰতৰ PM 2.5 কনচেন্ট্রেশ্যনৰ প্ৰতি ঘন মিটাৰত ৫৪.৪ মাইক্ৰ’গ্ৰাম। এইবাৰৰ প্ৰতিবেদন অনুসৰি এই মাত্ৰা হ্ৰাস পাইছে প্ৰতিঘন মিটাৰত ৫০.৬ মাইক্ৰ’গ্ৰামলৈ। প্ৰদূষণৰ সূচকৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে ভাৰতৰ স্থান উন্নীত হ’লেও দেশৰ একাধিক চহৰ এতিয়াও সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে বৰ্ণিহাট। বৰ্ণিহাটত যোৱা বছৰ প্ৰদূষণৰ মাত্ৰা আছিল ১২৮.২। দ্বিতীয় প্ৰদূষিত চহৰ দিল্লীত যোৱা বছৰ প্ৰদূষণৰ মাত্ৰা আছিল ১০৮.৩। ইয়াৰ উপৰি মুল্লানপুৰ, ফৰিদাবাদ, লোনী, গুৰুগ্ৰাম, মাণ্ডিকে ধৰি একাধিক চহৰো এইবাৰ অন্তৰ্ভুক্ত হৈছে সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত। লক্ষ্যণীয়ভাৱে এই প্ৰদূষিত চহৰসমূহৰ আটাইকেইখনেই হৈছে উত্তৰ–ভাৰতত অৱস্থিত। প্ৰদূষণৰ বাবেই সামগ্ৰিকভাৱে দেশবাসীৰ আয়ুস গড়ে ৫.২ বছৰ হ্ৰাস পোৱা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...