বিশ্বৰ সবাতোকৈ প্ৰদূষিত অঞ্চল অসম–মেঘালয় সীমান্তৰ বৰ্ণিহাট

বিষ বাষ্পৰ কৱলত সমগ্ৰ ভাৰত। বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰসমূহৰ অধিকাংশই হৈছে শেহতীয়া এক প্ৰতিবেদন অনুসৰি বিশ্বৰ সবাতোকৈ ভয়াৱহ ৰূপত প্ৰদূষিত ২৫খন চহৰৰ ভিতৰত ১৫খনেই হৈছে ভাৰতৰ। দিল্লীৰ পৰা ফৰিদাবাদ, নয়দা, মুজফৰনগৰকে ধৰি অধিকাংশ চহৰেই হৈছে ভাৰতৰ। প্ৰদূষিত চহৰৰ তালিকাত একমাত্ৰ ৰাজধানী চহৰৰূপে অন্তৰ্ভুক্ত হৈছে নতুন দিল্লীৰ নাম। প্ৰতিবেদন অনুসৰি বিশ্বৰ সবাতোকৈ প্ৰদূষিত অঞ্চলৰূপে অন্তৰ্ভুক্ত হৈছে অসম–মেঘালয় সীমান্তৰ বৰ্ণিহাট। যোৱা বছৰৰ শেষভাগত সংগ্ৰহিত তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰিছে ছুইজাৰলেণ্ডৰ IQAir নামৰ সংস্থাটোৱে। তালিকা অনুসৰি বিশ্বৰ সবাতোকৈ প্ৰদূষিত ৰাজধানী চহৰ হ’ল নতুন দিল্লী। সামগ্ৰিকভাৱে প্ৰদূষিত দেশসমূহৰ তালিকাৰ পঞ্চম স্থানত আছে ভাৰত। ২০২৩ত এই তালিকাত ভাৰতৰ স্থান আছিল তৃতীয়। পৰৱৰ্তী বছৰটোত ভাৰতৰ প্ৰদূষণৰ মাত্ৰা ৭ শতাংশ হ্ৰাস পাইছে। ২০২৩ত ভাৰতৰ PM 2.5 কনচেন্ট্রেশ্যনৰ প্ৰতি ঘন মিটাৰত ৫৪.৪ মাইক্ৰ’গ্ৰাম। এইবাৰৰ প্ৰতিবেদন অনুসৰি এই মাত্ৰা হ্ৰাস পাইছে প্ৰতিঘন মিটাৰত ৫০.৬ মাইক্ৰ’গ্ৰামলৈ। প্ৰদূষণৰ সূচকৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে ভাৰতৰ স্থান উন্নীত হ’লেও দেশৰ একাধিক চহৰ এতিয়াও সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে বৰ্ণিহাট। বৰ্ণিহাটত যোৱা বছৰ প্ৰদূষণৰ মাত্ৰা আছিল ১২৮.২। দ্বিতীয় প্ৰদূষিত চহৰ দিল্লীত যোৱা বছৰ প্ৰদূষণৰ মাত্ৰা আছিল ১০৮.৩। ইয়াৰ উপৰি মুল্লানপুৰ, ফৰিদাবাদ, লোনী, গুৰুগ্ৰাম, মাণ্ডিকে ধৰি একাধিক চহৰো এইবাৰ অন্তৰ্ভুক্ত হৈছে সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত। লক্ষ্যণীয়ভাৱে এই প্ৰদূষিত চহৰসমূহৰ আটাইকেইখনেই হৈছে উত্তৰ–ভাৰতত অৱস্থিত। প্ৰদূষণৰ বাবেই সামগ্ৰিকভাৱে দেশবাসীৰ আয়ুস গড়ে ৫.২ বছৰ হ্ৰাস পোৱা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...