বৈৰাগীমঠ নতুন গাঁও নামঘৰৰ দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, চিত্ৰাংকন আৰু প্ৰাৰ্থনা প্ৰতিযোগিতাৰ আয়োজন

ডিব্ৰুগড় জিলাৰ বৈৰাগীমঠ নতুন গাঁও নামঘৰৰ দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিশুসকলৰ মাজত শৈক্ষিক, আধ্যাত্মিক আৰু নৈতিকতাৰ বিকাশৰ জৰিয়ত তেওঁলোকক উপযুক্ত মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ উদ্দেশ্যে নামঘৰ প্ৰাংগনত এখনি চিত্ৰাংকন আৰু প্ৰাৰ্থনা প্ৰতিযোগিতা অনুষ্ঠিত হয়| ৰেখা দাসৰ দ্বাৰা পৰিৱেশিত এটি লোকগীতৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনত অৰ্ধ শতাধিক শিশুৱে অংশগ্ৰহণ কৰে| চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম স্থান অধিকাৰ কৰে উদীপ্ত কুমাৰে| দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে যুটীয়াভাৱে ক্ৰমে ময়ূৰী দুৱৰা আৰু অনন্যা দাস আৰু কাব্যশ্ৰী সোনোৱাল আৰু শুভাংশু দুৱৰাই| খ শাখাত শ্ৰেষ্ঠ বিবেচিত হয় আৰ্চিয়া দুৱৰা| দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে যুটীয়াভাৱে ক্ৰমে প্ৰতীক্ষাৰাণী সন্দিকৈ আৰু ভান্যা দুৱৰা আৰু হেশিল শইকীয়া আৰু অভিমন্যু দত্তই|


প্ৰাৰ্থনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিবেচিত হয় দেৱাংগনা কোঁৱৰ| দ্বিতীয় স্থান অধিকাৰ কৰে শুভাংশু দুৱৰাই| তৃতীয় স্থান যুটীয়াভাৱে দখল কৰে আৰ্চিয়া দুৱৰা আৰু অনন্যা দাসে|


নামঘৰ পৰিচালনা সমিতিৰ সভাপতি টেপুৰাম গগৈ আৰু সম্পাদক সৰল কুমাৰ দাস তথা অন্যান্য সদস্যবৃন্দৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত কেইটিমান সিদ্ধান্ত গ্ৰহণ কৰা হয়| সভাৰ সিদ্ধান্ত অনুসৰি অহা ২৪ ছেপ্তেম্বৰ তাৰিখে শ্ৰীশ্ৰী শংকৰদেৱৰ আৰ্ৱিভাৱ তিথি উপলক্ষে নামঘৰ প্ৰাংগনত এখনি শিশু ভাওনা প্ৰদৰ্শন কৰা হ’ব| তদুপৰি অনতিপলমে এখনি স্বাস্থ্য সজাগতা কৰ্মশালা আৰু যোগ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা সম্পৰ্কেও সভাই সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে|

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...