ভূমিকম্প আহিলে ঘৰত কি কৰিব লাগে জানেনে?

উত্তৰ-পূৰ্বাঞ্চলক ভূমিকম্পপ্ৰৱণ অঞ্চল বুলি কোৱা হয়। বিভিন্ন সময়ত সঘনাই ভূমিকম্পই জোকাৰি গৈছে অসম তথা উঃ-পূৰ্বাঞ্চল। সাধাৰণ লোকৰ সুৰক্ষাৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগে কেইবাটাও সাৱধানতাৰ আহ্বান জনাইছে।

ঘৰত কি কৰিব লাগে ?

  1. শান্ত থাকক। আতংকিত নহ’ব।
  2. মেচ, মমবাতি বা কোনো শিখা ব্যৱহাৰ নকৰিব।
  3. টেবুলৰ তলত আশ্রয় লওক। আপোনাৰ মুৰটো এখন হাতেৰে আৰু কম্পন শেষ নোহোৱালৈকে মেজখন ধৰি ৰাখক।
  4. যদি আপুনি ঘৰৰ ভিতৰত আছে, ভিতৰতে থাকিব। যদি আপুনি বাহিৰত আছে, বাহিৰতে থাকক।
  5. আয়না আৰু খিৰিকীৰ পৰা আঁতৰি থাকক।
  6. কম্পন শেষ নোহোৱালৈকে ভৱনটোৰ পৰা প্ৰস্থান নকৰিব।
  7. এটি কোণত বা শক্তিশালী মেজ বা বিচনাৰ তলত নিজকে সুৰক্ষিত ৰাখক
  8. আয়না আৰু খিৰিকীৰ পৰা আঁতৰত ভিতৰৰ বেৰত থাকি নিজকে সুৰক্ষিত ৰাখক।

ভূমিকম্পক প্ৰতিৰোধ বা নোহোৱা কৰিব নোৱাৰি। কিন্তু সাৱধানতা অৱলম্বন কৰিলে নিশ্চয় নিজকে সুৰক্ষিত কৰিব পাৰি। কোৱা হয় সাৱধানীৰ মৰণ নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...