শক্তি বিভাগৰ তিনিওটা কোম্পানীৰ কামকাজৰ বিতং পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ৬ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শক্তি বিভাগৰ মন্ত্রী বিমল বৰাৰ উপস্থিতিত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত এপিডিচিএল, এইজিচিএল আৰু এপিজিচিএলৰ কাম-কাজৰ বিতং পর্যালােচনা কৰি তিনিওটা কোম্পানীক লাভজনক কোম্পানীলৈ ৰূপান্তৰ কৰাৰ দিশত ক্ষিপ্র পদক্ষেপ লােৱাৰ বাবে নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ ৬৩লাখ বিদ্যুৎ উপভােক্তাৰ নাম, ফোন নম্বৰ ইত্যাদি সামৰি এক উপযুক্ত ডাটাবেচ তৈয়াৰ কৰাৰ নির্দেশ দিয়ে, যাতে এক উন্নত বিলিং চিষ্টেম গঢ়ি তুলি ৰাজহ আদায় পৰিমাণ বৃদ্ধি কৰিব পৰা যায়। মুখ্যমন্ত্ৰীয়ে লগতে অতি সােনকালে উদ্যোগিক তথা ব্যৱসায়িক কেন্দ্রসমূহৰ ডিষ্ট্রিবিউশন ট্রেন্সফর্মাৰসমূহত বৈদ্যুতিক মিটাৰ স্থাপনৰ বাবে নির্দেশ দিয়ে। প্ৰাৰম্ভিকভাৱে ৫০০টা ডিষ্ট্রিবিউশন টেন্সফর্মাৰত অগ্রাধিকাৰৰ ভিত্তিত মিটাৰ স্থাপন কৰি লাভ-লােকচানৰ বিষয়টো পর্যালােচনা কৰাৰ বাবে তেওঁ নির্দেশ দিয়ে। তেওঁ লগতে অহা ১৫ দিনৰ ভিতৰত সকলােবােৰ ঔদ্যোগিক প্রতিষ্ঠান সুনির্দিষ্ট স্থানত সকলােৱে প্রত্যক্ষ কৰিব পৰাকৈ বৈদ্যুতিক মিটাৰ স্থাপনৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে। ঔদ্যোগিক তথা ব্যৱসায়ী উপভােক্তাসকলক সংযােগী সকলােবােৰ বিতৰণ টেন্সফর্মাৰে যাতে লাভ সৃষ্টি কৰিব পাৰে সেইটো নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও তেওঁ এপিডিচিএলক নির্দেশ দিয়ে। আজিৰ বৈঠকতে মুখ্যমন্ত্ৰীয়ে এপিডিচিএলৰ বিভিন্ন ক্ষেত্র কার্যালয়ৰ বিষয়াসকলৰ বদলি কেৱল মেধা আৰু যােগ্যতাৰ ভিত্তিত প্রদানৰ ব্যৱস্থা ল’বলৈও নিদের্শ দিয়ে। বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই কোম্পানীকেইটাক লাভজনক কোম্পানীৰূপে গঢ়ি তােলাৰ বাবে গুজৰাটৰ লেখীয়া প্রযুক্তিগত আহি গ্ৰহণৰ নির্দেশ দিয়ে। এই ক্ষেত্ৰত প্রযুক্তিগতভাৱে গুজৰাটৰ লেখীয়া মিটাৰিং, বিলিং, কালেকশ্যনৰ আৰ্হি গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকতে নির্দেশ দিয়াৰ লগতে গুজৰাটৰ লেখীয়া এই ব্যৱস্থাৰ এক প্রেজেন্টেশ্যন দাঙি ধৰিবলৈও নির্দেশ দিয়ে। কোম্পানীকেইটাৰ মাইক্ৰ’লেভেল পর্যায়ত পর্যালােচনা কৰি লােকচানৰ কাৰণসমূহ চিনাক্তকৰণ আৰু তাক শুধৰােৱাৰ বাবেও তেওঁ নির্দেশ দিয়ে। কোম্পানীকেইটাক সম্পূর্ণ বৃত্তিগতভাৱে লাভজনক প্রতিষ্ঠানলৈ ৰূপান্তৰকৰণৰ পৰিকল্পনা যুগুত কৰাৰ বাবে তেওঁ আজিৰ বৈঠকতে নির্দেশ দিয়ে।

এপিডিচিএল, এইজিচিএল আৰু এপিজিচিএলে ২০২১ চনৰ ৩১ মার্চলৈকে চৰকাৰৰ পৰা গ্রহণ কৰা সকলােবােৰ ঋণ তাৎক্ষণিকভাৱে অংশীদাৰিত্বলৈ ৰূপান্তৰকৰণ আৰু ইয়াৰ পৰৱৰ্তী সময়ত এই অংশীদাৰিত্বৰ বিপৰীতে প্রাপ্য লাভালাভ প্রদান সম্বন্ধীয় এক জাননী অতি সােনকালে জাৰি কৰাৰ বাবে বিত্ত বিভাগক আজিৰ বৈঠকতে মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। তৃণমূল পর্যায়ত ৰাজহ আহৰণ আৰু বিল অনাদায় প্রতিষ্ঠানসমূহক চিনাক্ত কৰি প্রযুক্তিগতভাৱে বিল আদায়ৰ ব্যৱস্থাৰে এপিডিচিএলক এক লাভজনক ধাৰণাৰ সৃষ্টি কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। চৰকাৰী বিভাগসমূহে এপিডিচিএলক দিবলগীয়া সকলােবােৰ বকেয়া বিলৰ ধন তাৎক্ষণিকভাৱে যাতে দিব পৰা যায় ইয়াৰ বাবে পদক্ষেপ ল’বলৈও বিত্ত বিভাগক মুখ্যমন্ত্রী ড° শৰ্মাই আজিৰ বৈঠকতে নির্দেশ দিয়ে। আনহাতে, সকলােবােৰ বিল আদায় নিদিয়া উপভােক্তাৰ নাম, বৃত্তি ইত্যাদি সামৰি এক বিস্তৃত প্রতিবেদন প্রস্তুত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। এই ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুৎ বিল আদায় নিদিয়াকৈ থাকিলে সংশ্লিষ্ট ডিডিঅ’সকলৰ জৰিয়তে কৰ্মচাৰীগৰাকীৰ দৰমহাৰ পৰা এই বিলৰ ধন কৰ্তনৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। বিদ্যুৎ বিভাগৰ গােচৰসমূহ ৰুজু কৰাৰ বাবে পূৰ্বৰ কেইখনমান বিশেষ এএছইবি আৰক্ষী থানাৰ কর্তৃত্ব থকাৰ বিপৰীতে এতিয়াৰ পৰা সকলােবােৰ স্থানীয় আৰক্ষী থানাকে এপিডিচিএল আৰক্ষী থানা হিচাপে ঘােষণা কৰাৰ বাবে জাননী জাৰি কৰিবলৈ গৃহ বিভাগক মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকতে নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে আগন্তুক ৫ বছৰৰ ভিতৰত শক্তি বিভাগৰ আটাইকেইটা কোম্পানীকে গুজৰাটৰ লেখীয়া প্রযুক্তিগতভাৱে তথা লাভজনকভাৱে সমপর্যায়ৰ কোম্পানীলৈ ৰূপান্তৰকৰণৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে। আজিৰ এই পর্যালােচনা বৈঠকত শক্তি বিভাগৰ মন্ত্রী বিমল বৰা, তিনিওটা কোম্পানীৰ অধ্যক্ষ ভি কে পিপাৰচেনিয়া, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, শক্তি বিভাগৰ প্রধান সচিব নিজ বার্মা, এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ, এইজিচিএলৰ পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি হাজৰিকা আৰু এপিজিচিএলৰ পৰিচালন সঞ্চালক কল্যাণী বৰুৱাকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...

গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা

বাৰমুল্লাৰ পিছত পুঞ্চত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষদেওবাৰে পুৱাৰে পৰা ধাৰাষাৰ...