কোন হ’ব বিশ্ব টেষ্ট চেম্পিয়ন? ব্ৰেট লী VS দিলীপ ভেংছাৰকাৰ

গুৱাহাটী, ৬ জুন, NKTV: অহা ১৮ জুনৰ পৰা চাউথ হেম্পটনৰ এজেছ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বহু প্ৰত্যাশিত ফাইনেল খেলখনৰ বাবে চলিছে ব্যাপক যো-জা। অতি শীঘ্ৰে কোৱাৰেন্টিনৰ পৰা মুক্তি লাভ কৰি অনুশীলনৰ বাবে নামিব টীম ইণ্ডিয়া। কেইদিনমানৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ প্ৰখ্যাত বেগী বলাৰ ব্ৰেট লীয়ে মন্তব্য কৰিছিল যে- কেন উইলিয়ামছনৰ নিউজিলেণ্ডৰ দলটিয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ব। কিন্তু, ব্ৰেট লীৰ মন্তব্যৰ প্ৰত্যুত্তৰত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ ভেংছাৰকাৰে কয় যে, যদিহে দুয়োটা দলৰ খেলুৱৈৰ মাজত তুলনা কৰা যায় তেন্তে ভাৰতৰ জয়ী হোৱাৰ সম্ভাৱনা অধিক। ভাৰতীয় দলত তুলনামূলক ভাৱে ভাল পেছ বলাৰ, বেটছ মেন আৰু স্পীনাৰ আছে যাৰ বাবে ফাইনেল খেলখনত জয়ী হোৱাৰ সম্ভাৱনা আছে টীম ইণ্ডিয়াৰ।

ভেংছাৰকাৰে কয় যে, নিউজিলেণ্ডৰ দলত ট্ৰেন্ট ব’ল্টৰ দৰে বিশ্ব মানৰ বলাৰ আছে আৰু কেন উইলিয়ামচনৰ নিচিনা দুৰ্দান্ত বেটছমেনো আছে। কিন্তু, ভাৰতীয় দলত বিৰাট কোহলী, ৰোহিত শৰ্মাৰ দৰে উচ্চ মানদণ্ডৰ বেটছমেন আছে। লগতে ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, জছপ্ৰীট বোমৰাহ, মহম্মদ ছামী ইত্যাদি বলাৰ আছে। সেয়েহে, নিউজিলেণ্ডে ফাইনেলখেলখনত জয়ী হোৱাটো ইমান সহজ নহ’ব। এই মন্তব্য – ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ ভেংছাৰকাৰৰ। এতিয়া লক্ষ্যণীয় হ’ব ১৮ জুনৰ পৰা অনুষ্ঠিত হ’বলগা খেলখনত কোনটো দলে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...