যান-বাহন আইন অমান্য কৰিলে কিমান জৰিমনা ভৰিব লাগিব আপুনি? নতুন যান-বাহন (সংশোধনী) অধিনিয়ম, ২০১৯ অনুসৰি জৰিমনা।

আহি গ’ল যান-বাহনৰ অপৰাধৰ জৰিমনাৰ নিৰিখ। ছিটবেল্ট নলগোৱাকৈ গাড়ী চলালে আপুনি ভৰিব লাগিব ১ হাজাৰ টকা জৰিমনা। দুচকীয়া বাহনত দুজনতকৈ বেছি আৰোহণ কৰিলে ১ হাজাৰ টকা জৰিমনা। হেলমেট অবিহনে দুচকীয়া বাহন চলালে১ হাজাৰ টকা জৰিমনা।লগতে ৩ মাহৰ বাবে নিলম্বন কৰা হ’ব ড্ৰাইভিং লাইচেঞ্চ। এম্বুলেঞ্চক বাট এৰি নিদিলে নগদ ১০ হাজাৰ টকা জৰিমনা। ড্ৰাইভিং লাইচেঞ্চ নোহোৱাকৈ গাড়ী চলালে ৫ হাজাৰ টকা জৰিমনা । অত্যাধিক বেগত গাড়ী চলালে ভৰিব লাগিব ২ হাজাৰ টকা। বিপদজনকভাৱে গাড়ী চলালে জৰিমনা ৫ হাজাৰ টকা। সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব নগদ ১০ হাজাৰ টকা। গাড়ী চলাওঁতে ফোনত বাৰ্তালাপ কৰাৰ অপৰাধত ৫ হাজাৰ টকা। ৰ’ড পাৰ্মিট নাথাকিলে ১০ হাজাৰ টকা জৰিমনা। অতিৰিক্ত বোজা কঢ়িয়ালে সামূহিক জৰিমনা ২ হাজাৰ টকা। তাৰোপৰি প্ৰতি টনত দিব লাগিব ২ হাজাৰকৈ টকা। লাইচেঞ্চ নিলম্বন হোৱা অৱস্থাত গাড়ী চলালে ভৰিব লাগিব১০ হাজাৰ টকা। ইঞ্চুৰেঞ্চ চাৰ্টিফিকেট অবিহনে গাড়ী চলালে ২ হাজাৰ টকা জৰিমনা। নাবালক-নাবালিকাই গাড়ী চলালে ২৫ হাজাৰ টকা জৰিমনা। তাৰোপৰি অভিভাৱক অথবা গাড়ীৰ মালিকৰ হ’ব পাৰে ৩ বছৰ পৰ্যন্ত কাৰাবাস।
লগতে কৰা হ’ব পঞ্জীয়ন বাতিল আৰু ২৫ বছৰ বয়সলৈ নাপাব লাইচেঞ্চ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিজেপি ত্যাগ সংগীত শিল্পী সীমান্ত শেখৰৰ; বিজেপিৰ সকলো পদ ত্যাগ সংগীত শিল্পীগৰাকীৰ

বিজেপিৰ সকলো পদ ত্যাগ সীমান্ত শেখৰৰ, এৰিলে চলচ্চিত্ৰ বিত্ত...

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ; মহিলা ক্ৰিকেটৰ জৰিয়তে স্বৰ্ণ জয় ভাৰতৰ

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ সন্ধান অৱশেষত সফল...

অসম- নাগালেণ্ডৰ মাজত পুনৰ সংঘাত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

পুনৰ উতপ্ত অসম-নাগালেণ্ড সীমান্ত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...