যান-বাহন আইন অমান্য কৰিলে কিমান জৰিমনা ভৰিব লাগিব আপুনি? নতুন যান-বাহন (সংশোধনী) অধিনিয়ম, ২০১৯ অনুসৰি জৰিমনা।

আহি গ’ল যান-বাহনৰ অপৰাধৰ জৰিমনাৰ নিৰিখ। ছিটবেল্ট নলগোৱাকৈ গাড়ী চলালে আপুনি ভৰিব লাগিব ১ হাজাৰ টকা জৰিমনা। দুচকীয়া বাহনত দুজনতকৈ বেছি আৰোহণ কৰিলে ১ হাজাৰ টকা জৰিমনা। হেলমেট অবিহনে দুচকীয়া বাহন চলালে১ হাজাৰ টকা জৰিমনা।লগতে ৩ মাহৰ বাবে নিলম্বন কৰা হ’ব ড্ৰাইভিং লাইচেঞ্চ। এম্বুলেঞ্চক বাট এৰি নিদিলে নগদ ১০ হাজাৰ টকা জৰিমনা। ড্ৰাইভিং লাইচেঞ্চ নোহোৱাকৈ গাড়ী চলালে ৫ হাজাৰ টকা জৰিমনা । অত্যাধিক বেগত গাড়ী চলালে ভৰিব লাগিব ২ হাজাৰ টকা। বিপদজনকভাৱে গাড়ী চলালে জৰিমনা ৫ হাজাৰ টকা। সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব নগদ ১০ হাজাৰ টকা। গাড়ী চলাওঁতে ফোনত বাৰ্তালাপ কৰাৰ অপৰাধত ৫ হাজাৰ টকা। ৰ’ড পাৰ্মিট নাথাকিলে ১০ হাজাৰ টকা জৰিমনা। অতিৰিক্ত বোজা কঢ়িয়ালে সামূহিক জৰিমনা ২ হাজাৰ টকা। তাৰোপৰি প্ৰতি টনত দিব লাগিব ২ হাজাৰকৈ টকা। লাইচেঞ্চ নিলম্বন হোৱা অৱস্থাত গাড়ী চলালে ভৰিব লাগিব১০ হাজাৰ টকা। ইঞ্চুৰেঞ্চ চাৰ্টিফিকেট অবিহনে গাড়ী চলালে ২ হাজাৰ টকা জৰিমনা। নাবালক-নাবালিকাই গাড়ী চলালে ২৫ হাজাৰ টকা জৰিমনা। তাৰোপৰি অভিভাৱক অথবা গাড়ীৰ মালিকৰ হ’ব পাৰে ৩ বছৰ পৰ্যন্ত কাৰাবাস।
লগতে কৰা হ’ব পঞ্জীয়ন বাতিল আৰু ২৫ বছৰ বয়সলৈ নাপাব লাইচেঞ্চ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...