মৃত্যুমুখৰ পৰা বাচি আহিল ৰাকেশ বেদী…

জীৱনলৈ যিকোনো মুহূৰ্ততে আহিব পাৰে ধুমুহা। কিন্তু প্ৰচণ্ড বা-মাৰলি আহিলও অন্ধকাৰৰ পিছত জোনাক নামেই। জীৱনত সন্মুখীন হোৱা এনে এক প্ৰেৰণাদায়ক কাহিনী জনপ্ৰিয় অভিনেতা ৰাকেশ বেদীয়ে সদৰি কৰিছে নিজৰ ইনষ্টাগ্ৰাম পোষ্টত। ভাইৰেল হৈ পৰা ভিডিঅ’ টোত তেওঁ বৰ্ণনা কৰিছে জীৱনত সন্মুখীন হোৱা কঠিন পৰিস্থিতিৰ বিষয়ে। কিছুদিন পূৰ্বে নিজৰ গন্তব্যস্থলীলৈ যোৱাৰ সময়তে হিমাচলৰ ভূমিস্খলনত আৱদ্ধ হৈ পৰিছিল। হঠাতে গাড়ীৰ সন্মুখত প্ৰকাণ্ড শিল বাগৰি পৰিছিল। লগে লগে বিপদৰ পৰা মুক্তি পাবলৈ শিলটো আঁতৰাবলৈ প্ৰাণেপণে চেষ্টা কৰিছিল। তেনে প্ৰয়াসৰ সময়তেই তেওঁৰ আঙুলিটো ভাঙি পৰে আৰু হেৰুৱাব লগীয়া হয় এটা আঙুলি। সেই পৰিস্থিতিৰ মাজতো তেওঁক প্ৰচণ্ড দুঃসাহস দিছিল নেদেখাজনে। তেখেতে এই কথা নিজেই উল্লেখ কৰি কয় যে “ভগৱানক বহুত বহুত ধন্যবাদ যে পাথৰটো মোৰ গাড়ীৰ ওপৰত নপৰিল। আঙুলিটোত যথেষ্ট আঘাত পালোঁ যদিও মই বাচি গলো। অন্যথা যিকোনো ঘটনা ঘটিলেহেঁতন।” ৰব, ৰব, ৰাকেশ বেদী কোন চিনি পাইছেনে? ৰাকেশ বেদী হৈছে TADAK MEHTA KA ULTA SASMA, BHABI JI GHAR PAR HAIৰ দৰে জনপ্ৰিয় শ্ব’ৰ অভিনেতা। নিজৰ দুৰ্দান্ত অভিনয় প্ৰতিভাৰ লগতে সামাজিক কাম-কাজৰ বাবেও প্ৰায়ে চৰ্চিত অভিনেতাজন।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...