ব্ৰহ্মপুত্ৰত বৈছে গাখীৰৰ ঢল…

শ শ লিটাৰ গাখীৰ পেলাই দিয়া হৈছে ব্ৰহ্মপুত্ৰত

গুৱাহাটী, ৫ জুন, NKTV: ক’ভিডে মাধমাৰ শোধাইছে মাজুলীৰ অৰ্থনীতিত প্ৰভূত অৰিহণা যোগোৱা গো-পালক সকলৰ। ক’ভিড সংক্ৰমণৰ জটিল সময়ত মাজুলীৰ পশুপালক সকল সন্মুখীন হৈছে অভাৱনীয় দুৰ্যোগৰ। গাখীৰকে মূল জীৱিকা হিচাপে লৈ চলি থকা বৃহত্তৰ মাজুলীৰ গো-পালকসকলে গ্ৰাহকৰ অভাৱত পেলাই দিব লগা হৈছে শ-শ লিটাৰ গাখীৰ। মাজুলীৰ চৰ-চাপৰি সমূহত প্ৰায় ১ লাখ ২০ হাজাৰ গৰু আৰু ১৬ হাজাৰ ম’হ পালন কৰি আহিছে পশুপালকসকলে। সমগ্ৰ মাজুলীজুৰি ব্ৰহ্মপুত্ৰ,সোৱণশিৰি,খেৰকটীয়া নদীৰ বিভিন্ন চৰ-চাপৰিত ৪০০ৰো অধিক গৰু-ম’হৰ খুটি আছে যিসমূহ গৰু-ম’হৰ খুটিত দৈনিক উৎপাদন হয় প্ৰায় তিনি হাজাৰ লিটাৰ গাখীৰ। কিন্তু, এতিয়া গাখীৰক লৈ সংকটত পৰিছে এই সকল পশুপালক। কাৰণ আন্তঃজিলা যাতায়াত বন্ধ হৈ পৰাত গাখীৰ বিক্ৰী কৰিব পৰা নাই তেওঁলোকে।

দুগ্ধ উৎপাদনৰ বৃহৎ থলগিৰি উদ্যোগটোৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছে মাজুলীৰ প্ৰায় ৬০০টা পৰিয়াল। মাজুলীৰ ৩৪টা চৰ-চাপৰিকে ধৰি মূল ভূখণ্ডৰ বিভিন্ন স্থানত থকা খুঁটি সমূহৰ পৰা উৎপাদিত গাখীৰে মাজুলীৰ চাহিদা পূৰণ কৰাৰ উপৰিও বহু হোটেল ব্যৱসায়ো প্ৰত্যক্ষ ভাৱে নিৰ্ভৰশীল আছিল এই গো-পালক সকলৰ ওপৰতে। কিন্তু, এতিয়া গ্ৰাহকৰ অভাৱত পেলাই দিবলগীয়া হৈছে গাখীৰ। যিটো পশুপালক সকলৰ বাবে অসহনীয় হৈ উঠিছে। এই পৰিৱেশ আৰু কিমান দিনলৈকে থাকিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব পশুপালকসকলৰ ভৱিষ্যত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...