বোকাৰ পদুম হৈ NEETত উজলিল অংকিত বাৰ্লা

মনত প্ৰৱল ইচ্ছা থাকিলে যিকোনো কামত সফলতা লাভ কৰিব পাৰি। তাৰেই প্ৰমাণ কৰি দেখুৱালে তিনিচুকীয়াৰ কাকপথাৰ গৈপানী উৰাং বস্তিৰ দৰিদ্ৰ পৰিয়ালৰ আদিবাসী চাহ জনগোষ্ঠীয় এগৰাকী ছাত্ৰই। বোকাৰ পদুম হৈ জিলিকিছে এতিয়া ছাত্ৰ গৰাকী৷ সৰ্বভাৰতীয় NEETত উত্তীৰ্ণ হৈ জিলাখনৰ ভিতৰতে একমাত্ৰ চাহ জনগোষ্ঠীয় ছাত্ৰ হিচাপে গৌৰৱ কঢ়িয়াই আনিছে। কাকপথাৰৰ অতি পিছপৰা গৈপানী উৰাং বস্তিৰ চাহ শ্ৰমিক উজ্জল বাৰ্লা আৰু জোলান্তী বাৰ্লাৰ সন্তান অংকিত বাৰ্লাই সৰ্বভাৰতীয় NEETত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ অংকিতৰ এই সফলতাত উৎফুল্লিত অঞ্চলবাসী৷ অংকিতৰ এই সফলতাত পিতৃ-মাতৃ যদিও সুখী কিন্তু নাজানে NEET পৰীক্ষানো কি৷ মাথো বুজিছে পুত্ৰই এটা ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬টা বিষয়ত লেটাৰ মাৰ্ক সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অংকিতে পৰৱৰ্তী সময়ত ডুমডুমা আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ ভিতৰতে উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰেৰে শীৰ্ষত জিলিকিছিল৷ ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন মনত পুহি ৰখা অংকিতে তিনিচুকীয়া বৰগুৰিৰ ভাৰতীয় সেনাৰ সহায়ত প্ৰস্তুতি চলোৱাৰ পাছত NEETত অৱতীৰ্ণ হৈ ৪০২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে৷ অংকিতৰ এই সফলতাৰ পাছত ছাত্ৰজনৰ লগতে পিতৃ-মাতৃক শুভেচ্ছা যাঁচিবলৈ তেওঁলোকৰ ঘৰত গৈ উপস্থিত হৈছে ডুমডুমা সমষ্টিৰ স্থানীয় বিধায়ক ৰূপেশ গোৱালাৰ লগতে চাহ জনগোষ্ঠীয় দল সংগঠন৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...