চিকিৎসক সকলৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে সকলােধৰণৰ পদক্ষেপ ল’বঃ মুখ্যমন্ত্রী

গুৱাহাটী, ৫ জুন, NKTV: ভাৰতীয় চিকিৎসক সন্থাৰ অসম ৰাজ্যিক শাখাৰ এটা প্রতিনিধি দলে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ জনতা ভৱনস্থিত কার্যালয়ত সাক্ষাৎ কৰি চিকিৎসকসকলৰ কল্যাণ বিশেষকৈ কৰ্তব্যৰত চিকিৎসকৰ সুৰক্ষাৰ বিষয়কে ধৰি বিভিন্ন বিষয় আলােচনা কৰে। সংস্থাৰ সভাপতি ডাঃ সত্যজিৎ বৰাৰ নেতৃত্বত অহা প্রতিনিধি দলটোৱে মুখ্যমন্ত্রী ড° শৰ্মাক হােজাইত অলপতে ক’ভিড চিকিৎসা সেৱা প্ৰদানৰ দৰে কৰ্তব্যত নিয়ােজিত থকা অৱস্থাত ডাঃ সেউজ কুমাৰ সেনাপতিক আক্রমণ কৰা ঘটনাটোৰ সময়সাপেক্ষ কার্যব্যৱস্থা গ্রহণ কৰাৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ক্ষিপ্র ন্যায় প্রদানৰ আশ্বাস প্রদানৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে।

সাক্ষাৎ কালত প্রতিনিধি দলটোৱে সংস্থাৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্রও মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে । মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁলােকৰ ন্যায্য দাবীসমূহ পূৰণ কৰাৰ আশ্বাস প্রদান কৰাৰ লগতে চিকিৎসক তথা চিকিৎসা কর্মীৰ সুৰক্ষাৰ দিশত ৰাজ্য চৰকাৰে সকলােধৰণৰ পদক্ষেপ গ্রহণ কৰিব বুলি কয়। প্রতিনিধি দলটোৱে প্রতিবছৰে ডাঃ ভুৱনেশ্বৰ বৰুৱাৰ নামেৰে চিকিৎসা বৃত্তিত নিয়ােজিত চিকিৎসকসকলক উৎকর্ষতাৰ দিশত এক বঁটা প্ৰদানৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রী ড° শৰ্মাক অনুৰােধ জনায়। আজিৰ এই সাক্ষাৎ কালতে প্রতিনিধি দলটোৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ বৰঙনিৰ এখন চেক মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে। মুখ্যমন্ত্ৰীয়ে এই বৰঙনি আগবঢ়োৱাৰ বাবে সন্থাটোক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলােকৰ এই সদিচ্ছাই ক’ভিড-১৯ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা যুঁজখন অধিক শক্তিশালী কৰিব বুলি কয়। উল্লেখ্য যে ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড° শৰ্মাই আজি হােজাইত সংঘটিত আক্ৰমণৰ ঘটনাত আঘাতপ্রাপ্ত হৈ বর্তমানে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ডাঃ সেউজ কুমাৰ সেনাপতিৰ স্বাস্থ্যৰ বুজ লয়। সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে চিকিৎসকগৰাকীৰ মাতৃ তথা পৰিয়ালৰ অন্যান্য সদস্যসকলৰ সৈতে মত-বিনিময় কৰে।

সাক্ষাতৰ পিছতে চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হােৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্য চৰকাৰে ডাঃ সেনাপতিকে ধৰি এই অতিমাৰীৰ সময়ত উৎসর্গিত মনােভাৱেৰে সেৱা আগবঢ়াই থকা চিকিৎসকসকলৰ সৈতে সদায়ে থাকিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কর্তব্যত যােগদানৰ পিছত ডাঃ সেউজ কুমাৰ সেনাপতিক ৰাজ্য চৰকাৰে তেওঁৰ ইচ্ছা অনুযায়ী যিকোনাে চৰকাৰী স্বাস্থ্য প্রতিষ্ঠানত কাম কৰাৰ বাবে অনুমতি প্রদান কৰিব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ডাঃ সেউজ কুমাৰ সেনাপতিক সাক্ষাতৰ সময়ত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশােক সিংঘাল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য তথা অন্যান্য জ্যেষ্ঠ চিকিৎসকসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...