গান্ধী মণ্ডপত ৰুদ্রাক্ষ গছৰ পুলি ৰােপণ কৰিলে মুখ্যমন্ত্রীয়ে

গুৱাহাটী, ৫ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ গান্ধী মণ্ডপত আয়ােজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰি ১১টা ৰুদ্রাক্ষ গছৰ পুলি ৰােপণ কৰে। তেওঁ মহাত্মা গান্ধীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আদর্শ অনুসৰণ কৰি পৰিৱেশ সুৰক্ষাৰ দিশত অৱদান আগবঢ়াবলৈ সমাজৰ সকলাে শ্ৰেণীৰ লােকৰ প্রতি আহ্বান জনায়। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তােলাৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ উপৰি বিটিআৰৰ কচুগাঁও বনখণ্ডৰ অন্তৰ্গত ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সিদ্ধান্ত বিষয়ে অৱগত কৰে। এই অৰণ্য ৰাজ্যখনৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিগণিত হ’ব। অঞ্চলটোৰ সমৃদ্ধ জীৱ-বৈচিত্র্যৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশত ই এক মহান পদক্ষেপ হিচাপে বিবেচিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

ড° শৰ্মাই লগতে জনায় যে জলবায়ু সুৰক্ষাক চৰকাৰী পৰিকল্পনা আৰু পদক্ষেপ কেন্দ্রবিন্দুলৈ অনাৰ বাবে আজিৰ পৰা ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগক বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ হিচাপে পুনৰ নামকৰণ কৰা হ’ব। ৰাজ্যখনৰ ১০ হাজাৰ হেক্টৰ ভূমিক সেউজ আৱৰণৰ অধীনলৈ অনাৰ ক্ষেত্ৰত বন আৰু পৰিৱেশ বিভাগৰ সফলতা তথা ইয়াৰ নিৰন্তৰ প্ৰয়াসৰ শলাগ লৈ বিগত সময়ছােৱাত ৰাজ্যৰ বনাঞ্চল বৃদ্ধিৰ বাবে বিভাগটোরে গ্রহণ কৰা বিভিন্ন কার্যকলাপৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ২৮খন জিলাত সাহিত্য মনীষী উপবন নামৰ ২৮ খন জীৱ-বৈচিত্র্য উদ্যান স্থাপন কৰা হৈছে। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, যুৱ প্ৰজন্মক জাতিৰ পিতাৰ জীৱন আৰু শিক্ষাৰ বিষয়ে অৱগত কৰাৰ বাবে মহাত্মা গান্ধীৰ বিভিন্ন স্মৃতিচিহ্ন আনি গান্ধী মণ্ডপত প্রদর্শন কৰিবলৈ গুৱাহাটী উন্নয়ন বিভাগক নির্দেশ দিয়া হৈছে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে মহানগৰীৰ বশিষ্ঠত থকা গুৱাহাটী পৌৰ নিগমৰ গেৰেজ চৌহদত নিগমৰ দ্বাৰা আয়ােজিত এক কাৰ্যসূচীত অংশগ্রহণ কৰে আৰু মহানগৰীৰ জিএমচি ৱার্ডসমূহত আৱৰ্জনা সংগ্রহ নিয়ােজিত বেচৰকাৰী সংগঠনসমূহৰ মাজত ১২খন জাবৰ নিষ্কাশন বাহন (অটো টিপাৰ) বিতৰণ কৰে।

প্রথম পর্যায়ত এনে ১০০খন বাহন বিতৰণ কৰা হ’ব বুলি জানিবলৈ দি তেওঁ আশা প্রকাশ কৰে যে, এই বাহনসমূহে গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰাৰ লগতে আৱৰ্জনা নিষ্কাশন প্রণালীটো যথেষ্ট শক্তিশালী কৰিব। মহানগৰীত এই বছৰ কৃত্রিম বানপানীৰ সমস্যা কার্যকৰীভাৱে নিয়ন্ত্রণ কৰাৰ পৰিকল্পনাৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আজিৰ দুয়ােটা কাৰ্যসূচীতে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশােক সিংঘাল আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিপদত মেঘালয়! মেঘালয়লৈ পেট্ৰ’ল-ডিজেল সৰবৰাহ নকৰাৰ সিদ্ধান্ত

মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহনক মেঘালয়লৈ ইন্ধন সৰবৰাহ অনুমতি নিদিয়াৰ...

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...

শ্বিলঙৰ ৰাজপথত CRPF-RAFৰ ফ্লেগ মাৰ্চ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

শ্বিলঙত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিৰাপত্তাৰ আশ্বাস দিবলৈ...