ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা আৰু অতুল কুলকাৰ্ণীয়ে সামাজিক মাধ্যমত কৰিলে ডাঙৰ মন্তব্য।
চৰকাৰ বিৰোধী অভিনৱ প্ৰতিবাদেৰে সামাজিক মাধ্যমত জোৱাৰ তোলাৰ পিছত এইবাৰ ৰাজপথত নামিল ক’কৰোচ জনতা পাৰ্টী। শনিবাৰে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিলে ক’কৰোচ জনতা পাৰ্টীয়ে। NEETৰ প্ৰশ্নকাকত ফাদিলৰ দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। মূলত: দেশৰ ভৱিষ্যত আৰু শিক্ষা ব্যৱস্থাক লৈ সৰৱ হ’ল ক’কৰোচ জনতা পাৰ্টী। প্ৰতিবাদত অংশগ্ৰহণৰ বাবে আমেৰিকাৰ পৰা আহি দিল্লীত উপস্থিত হ’ল CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে।
CJPৰ এই প্ৰতিবাদৰ বিৰোধিতা কৰিলে একাংশই। সমান্তৰালকৈ একাংশই সামাজিক মাধ্যমতো সমালোচনাৰে থকা-সৰকা কৰিলে CJPক। কিন্তু তাৰ মাজতে ক’কৰোচ জনতা পাৰ্টীৰ দিল্লীৰ এই প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ।

অভিনেত্ৰী ৰিচা চাড্ডাই অকলেণ্ডৰ পৰা সামাজিক মাধ্যমত কৰিলে বিশেষ পোষ্ট। অভিনেত্ৰীগৰাকীয়ে পোষ্টটোত লিখিছে, ‘‘মই এতিয়া অকলেণ্ডত আছো যদিও মোৰ মন এতিয়া দিল্লীত। মই দেশৰ যুৱপ্ৰজন্মলৈ মৰম যাচিছোঁ। আশা কৰিছো আপোনালোক দেখুৱাবলৈ দেশভক্ত নহৈ প্ৰকৃত দেশভক্ত হ’ব…’’ অভিনেত্ৰীগৰাকীয়ে CJPৰ এই প্ৰতিবাদক সমৰ্থন কৰি লিখিছে ,‘‘উল্কাপিণ্ডৰ খুন্দাত ডাইন’চৰৰ মৃত্যু হৈছিল কিন্তু পইতাচোঁৰা থাকি গৈছিল।’’

আনফালে অভিনেতা অতুল কুলকাৰ্ণীয়ে দেশৰ যুৱপ্ৰজন্মৰ প্ৰতিবাদৰ সমৰ্থন কৰি নিজৰ আৰু তেওঁৰ পূৰ্বৰ প্ৰজন্মৰ লোকসকলৰ ভুলৰ বাবে বিচাৰিলে ক্ষমা। তেওঁ CJPক শুভেচ্ছা জনাই লিখিলে, ‘‘আশা কৰিম আপোনালোকে পূৰ্ণ সততাৰে সমাজ আৰু দেশক এক নতুন ৰূপ দিব..’’
এই প্ৰতিবাদক লৈ চৰকাৰে এতিয়ালৈকে দিয়া নাই কোনো প্ৰতিক্ৰিয়া। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও এতিয়ালৈকে কৰা নাই পদত্যাগ। তাৰ মাজতে এতিয়া সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ ক’কৰোচ জনতা পাৰ্টীৰ এই কাৰ্য-কলাপৰ ওপৰত।
ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ
