উত্তৰ প্ৰদেশৰ ট্ৰেজেডী, মৃতকৰ সংখ্যা বৃদ্ধি ১২১জনলৈ

উত্তৰ প্ৰদেশৰ হাথৰছৰ পদপিষ্টৰ ঘটনাত নিহতৰ সংখ্যা ১২১ লৈ বৃদ্ধি। নিহতৰ ভিতৰত অধিকাংশই মহিলা আৰু শিশু। চিকিৎসালয়ৰ মৰ্গত ঠাই নোহোৱা হৈছে। কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰে মতকৰ পৰিয়াললৈ আৰু আহতক আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। কিন্তু

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে সৎসংগৰ পিছত ভোলে বাবাৰ পদধুলি ল’বলৈ ঠেলা–হেঁচা কৰি ভয়ংকৰ বিপদ মানি আহিলে ভক্তই। কিন্তু ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে ভোলে বাবা।

ইতিমধ্যে ভোলে বাবাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। ঘটনাস্থলৰ পৰা ১০০ কিলোমিটাৰ নিলগত থকা আশ্ৰমলৈ ৰাওনা হৈছে আৰক্ষী। আৰক্ষীৰ সন্দেহ ঘটনাস্থলী ফুলৰাই গ্রামৰ পৰা ১০০ কিলোমিটাৰ দূৰৰ মাইনপুৰীৰ আশ্রমত আছে ‘ভোলেবাবা’। ইফালে চিকিৎসালয়ৰ মৰ্গত হাহাকাৰ অৱস্থা। আত্মীয়ৰ মৃতদেহ বিচাৰি হাবাথুৰি খাইছে একাংশই। পৰিস্থিতি এনে ভয়াৱহ হৈ পৰিছে

মৰ্গত মৃতদেহৰ দম দেখি প্ৰাণ হেৰুৱালে এজন আৰক্ষী কনিষ্ঠবলে। মৰ্গতে অসুস্থ হৈ পৰা আৰক্ষীজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও প্ৰাণ ৰক্ষা নহ’ল। দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা হাথৰছৰ ঘটনাক লৈ উত্তৰ প্ৰদেশ চৰকাৰে তদন্ত সমিতি গঠন কৰি দিছে।

সৎসংগ অনুষ্ঠান আয়োজন কৰা স্থানত নাছিল সুশৃঙ্খল ব্যৱস্থা। কম ঠাইত আয়োজন কৰা হৈছিল বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সন্দেহ কৰা হৈছে। উত্তৰ প্ৰদেশ আৰক্ষী, ফৰেনছিকৰ দল, ডগ স্কোৱাৰ্ডে আনুসন্ধান চলাই আছে। স্বয়ম্ভূ ধৰ্মগুৰু সূৰয পাল একা নাৰায়ণ সাকাৰ বিশ্ব হৰি ভোলে বাবাৰ সৎসংগ অনুষ্ঠানটো ৮০ হাজাৰ লোকৰ বাবে অনুষ্ঠিত কৰা হৈছিল যদিও অনুষ্ঠানত ২ লাখ ৫০ হাজাৰ লোকৰ সমাবেশ ঘটে। এই তথ্য সন্মিবিষ্ট কৰা হৈছে ভোলে বাবাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...