আপুনি বাৰু জানেনে সুস্বাদু আমৰো আছে বহু উপকাৰিতা

এতিয়া আমৰ বতৰ। বজাৰত উভৈনদী হৈ পৰিছে আম। আমক ফলৰ ৰজা বুলিও কোৱা হয়। বেছিভাগ মানুহৰেই প্ৰিয় ফল হৈছে আম। আপুনিও নিশ্চয় আম খাই ভাল পায়। আপোনাৰো হয়তো বজাৰৰ সেই পকা পকা আমবোৰ দেখিলে জিভাৰ পানী পৰে, নহয়নে!

আপুনি বাৰু জানেনে সুস্বাদু আমৰো আছে বহু উপকাৰিতা। আমত ভিটামিন A, Cৰ লগতে অন্যান্য বহু ভিটামিন পোৱা যায়। ইয়াৰ উপৰি আমত ফাইবাৰ, আইৰন, পটেছিয়াম আদিৰ দৰে গুৰুত্বপূৰ্ণ বহু উপাদান পোৱা যায়।

জানো আহক আমৰ উপকাৰিতাসমূহৰ বিষয়ে
ছালৰ উজ্জ্বলতা বৰ্ধক : আমত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট আৰু ভিটামিন C পোৱা যায়। আমৰ এই উপাদানবোৰ আমাৰ ছালৰ বিভিন্ন সমস্যা দূৰ কৰাৰ লগতে ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে।
হজম হোৱাত সহায়ক : আমে আমি খোৱা খাদ্যবস্তু হজম কৰাত সহায় কৰে। ইয়াত থকা উপাদানসমূহে আমাৰ হজম শক্তি বঢ়োৱাত সহায় কৰে।
দৃষ্টিশক্তি বৰ্ধক : আমত প্ৰচুৰ পৰিমাণে ভিটামিন A পোৱা যায়। ই আমাৰ চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰাত সহায় কৰে।

NKTV Digital
Author: NKTV Digital

369 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...