ৰাজ্য কঁপাই যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আঁৰৰ কিছু কাহিনী…

২০২০ৰ জুনত লকডাউনৰ সময়ত অভিযুক্ত নাজিবুৰ আৰু সংঘামিত্ৰা ঘোষ চিনাকী হৈছিল ফেচবুকত আৰু তাৰ পাছতেই তেওঁলোকৰ মাজত আৰম্ভ হৈছিল প্ৰেমৰ সম্পৰ্কৰ। ২০২০ৰ অক্টোবৰত দুয়ো কলকাতালৈ পলাই যায়। সংঘামিত্ৰা ঘোষৰ সন্ধান নোপোৱাত পিতৃ-মাতৃয়ে দিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে কলকাতাৰ পৰা সংঘামিত্ৰা ঘোষক উদ্ধাৰ কৰে। তেওঁলোকে কলকাতা আদালতত বিবাহ সম্পন্ন কৰিছিল। ২০২১ৰ ৬ মাৰ্চত সংঘামিত্ৰা ঘোষৰ পিতৃ-মাতৃয়ে চুৰিৰ অভিযোগত সংঘামিত্ৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে সংঘামিত্ৰা ঘোষক গ্ৰেপ্তাৰ কৰিছিল আৰু ৩৭ দিনৰ বাবে ন্যায়িক জিম্মাত ৰাখিছিল। ২০২১ৰ ১১ এপ্ৰিলত জামিন পোৱাৰ পিছত সংঘমিত্ৰাই নিজ পিতৃ-মাতৃৰ সৈতে বাস কৰিবলৈ লয়। ২০২২ৰ জানুৱাৰীত নাজিবুৰ আৰু সংঘমিত্ৰাই আকৌ এবাৰ চেন্নাইলৈ পলাই যায় আৰু তাত ৫ মাহ একেলগে থাকে। সেই সময়ছোৱাতেই সংঘামিত্ৰা অন্তসত্বা হয়। তাৰ পিছত তেওঁলোকে ২০২২ চনৰ আগষ্টত গোলাঘাটলৈ উভতি আহে আৰু নাজিবুৰৰ ঘৰত একেলগে বাস কৰিবলৈ আৰম্ভ কৰে। ২০২২ চনৰ নৱেম্বৰত সংঘামিত্ৰাৰ জীৱনলৈ আহিল এটি পুত্ৰ সন্তান। ২০২৩ চনৰ মাৰ্চ মাহত সংঘামিত্ৰা ঘোষে পুনৰ নাজিবুৰৰ ঘৰ এৰি মাক-দেউতাকৰ ওচৰলৈ ঘূৰি আহিছিল, কিয়নো নাজিবুৰৰ শাৰিৰীক অত্যাচাৰৰ সন্মুখীন হৈছিল সংঘমিত্ৰা। এই সন্দৰ্ভত ২০২৩ৰ ২১ মাৰ্চত গোলাঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৪৩/৩২৫/৩০৭/৫০৬ নং দফাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰত নাজিবুৰক গ্ৰেপ্তাৰ কৰি ২৮ দিনৰ বাবে কাৰাগাৰত ৰখা হৈছিল। কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত নাজিবুৰে তেওঁৰ পত্নী আৰু সন্তানক লগ কৰিবলৈ আঁকোৰগোজ আছিল। নাজিবুৰ আৰু সংঘামিত্ৰা ঘোষৰ পৰিয়ালৰ মাজত এই বিষয়টো সন্দৰ্ভত উত্তেজনা চলি আছিল। ২০২৩ৰ ২৯ এপ্ৰিলত নাজিবুৰৰ ভাতৃয়ে সংঘামিত্ৰা ঘোষ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ; এজাহাৰত অভিযোগ কৰা হৈছিল যে তেওঁলোকে নাজিবুৰৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাইছিল। এই সন্দৰ্ভত গোলাঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৪২/৩২৫/৩০৭/৫০৬/৩৪ নং দফাৰ অধীনত ১৪১/২০২৩ নং গোচৰ পঞ্জীয়ন কৰা হৈছিল। এই গোচৰটো বৰ্তমান তদন্তাধীন হৈ আছে। ২০২৩ৰ ২৪ জুলাইত নাজিবুৰে সংঘামিত্ৰা ঘোষ আৰু তেওঁৰ পিতৃ-মাতৃক হত্যা কৰে। এই সন্দৰ্ভত গোলাঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২/৪৪৮ নং দফাৰ অধীনত ২০০/২০২৩ নং গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু বৰ্তমান ইয়াৰ তদন্ত চলি আছে।

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...