শিশু আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৫ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত কার্যালয় সভাকক্ষত অনুষ্ঠিত এক বৈঠকত শিশু আৰু গৰ্ভৱতী মহিলাৰ পৰিপুষ্টিৰ বাবে সমাজ কল্যাণ বিভাগৰ দ্বাৰা ৰূপায়িত পৰিপূৰক পুষ্টি আঁচনিৰ বিতং পর্যালােচনা কৰে। সমাজ কল্যাণ বিভাগৰ মন্ত্রী অজন্তা নেওগৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্রী শৰ্মাই আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত সংস্কাৰমুখী পদক্ষেপ গ্রহণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। শিশু আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত পৰিপূৰক পুষ্টি আঁচনিৰ গুৰুত্বৰ ওপৰত আলােকপাত কৰি মুখ্যমন্ত্রী শর্মাই আঁচনিখনৰ অধীনত আগবঢ়োৱা পুষ্টিকৰ সামগ্ৰীসমূহৰ তালিকাকে ধৰি সমগ্ৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত ব্যাপক পৰিৱর্তনৰ পােষকতা কৰে।

মুখ্যমন্ত্রী শর্মাই কয় যে, কেন্দ্রীয় চৰকাৰৰ এই আঁচনিৰ দ্বাৰা শিশু আৰু গৰ্ভৱতী মহিলাসকল যাতে সর্বাধিক উপকৃত হয় তাৰ বাবে বিভাগে আঁচনিখনৰ কাৰ্যকৰীকৰণত নিত্য নতুন চিন্তা-চৰ্চাৰে আগবাঢ়িব লাগিব। এই উদ্দেশ্য আগত ৰাখি মুখ্যমন্ত্রী শর্মাই বিভাগক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বর্তমানে কার্যকৰী হৈ থকা প্ৰক্ৰিয়াটো পুনৰীক্ষণ কৰি নতুন নীতি-নির্দেশনা প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্রী শর্মাই খাদ্য সামগ্ৰীৰ তালিকাখনত অধিক সামগ্রীৰ সংযােজনৰ বাবে পদক্ষেপ লােৱাকে ধৰি আন কেতবােৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে মুখ্যমন্ত্রী শর্মাই বিভাগীয় বিষয়াসকলক নিয়মীয়াকৈ চৰজমিন পর্যবেক্ষণ কৰিবলৈ নির্দেশ দিয়ে। আঁচনিখনৰ ৰূপায়ণত যাতে কোনাে অনিয়ম সংঘটিত নহয় তাৰ বাবে মুখ্যমন্ত্রী শর্মাই এই নির্দেশ দিয়ে। তদুপৰি আঁচনিখনৰ দ্রুত ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰীয়ে কেতবােৰ প্রক্রিয়াগত সকাহ প্রদানৰ দিশতাে পৰামৰ্শ আগবঢ়ায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...