পুনৰ চৰ্চাত ইউটিউবাৰ UK07 Rider

দেশৰ জনপ্ৰিয় ইউটিউবাৰ তথা ‘BIG BOSS 17’ৰ প্ৰতিযোগী অনুৰাগ ডোভাল, অৰ্থাৎ UK07 Rider, পুনৰবাৰ শিৰোনামত। এইবাৰ তেওঁৰ ব্যক্তিগত জীৱনক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত আৰম্ভ হৈছে তীব্ৰ চৰ্চা।


শেহতীয়াকৈ নিজৰ ইউটিউব চেনেলত প্ৰকাশ কৰা এটা ভিডিঅ’ত অনুৰাগ ডোভালে তেওঁৰ পত্নী ঋতিকা চৌহানৰ বিৰুদ্ধে বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ অভিযোগ উত্থাপন কৰে। শেহতীয়াকৈ এটা ইউটিউব ভিডিঅ’ত অনুৰাগে দাবী কৰিছে যে গৰ্ভাৱস্থাত ঋতকাই তেওঁক প্ৰতাৰণা কৰিছিল। তেওঁ দাবী কৰে যে বহুদিন ধৰি তেওঁ বিষয়টো গোপন ৰাখিবলৈ চেষ্টা কৰিছিল, কিন্তু পৰিস্থিতিৰ বাবে অৱশেষত ৰাজহুৱাভাৱে মুখ খুলিবলৈ বাধ্য হয়। ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিছতে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ভিডিঅ’টো প্ৰকাশ পোৱাৰ লগে লগে সামাজিক মাধ্যমত ইয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশই অনুৰাগ ডোভালৰ বক্তব্যৰ সমৰ্থন কৰিছে যদিও আন একাংশই ইয়াৰ বিৰোধীতা কৰিছে।

ঋতিকা চৌহানক সমৰ্থন কৰি একাংশই কৈছে যে নুৰাগ ডোভালে এইবোৰ VIEWSৰ বাবে কৰিছে। উল্লেখযোগ্য যে এই অভিযোগসমূহৰ ওপৰত তেওঁৰ পত্নীৰ ফালৰ পৰা এতিয়ালৈকে কোনো বিস্তৃত প্ৰতিক্ৰিয়া অহা নাই। সেয়ে অভিযোগসমূহ নিশ্চিত হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি অনুৰাগ ডোভালৰ অনুৰাগী আৰু সমালোচকসকলৰ মাজত তীব্ৰ বিতৰ্ক অব্যাহত আছে।


ব্যক্তিগত জীৱনক লৈ আৰম্ভ হোৱা এই বিতৰ্কই পুনৰ এবাৰ দেখুৱাইছে যে জনপ্ৰিয় ইউটিউবাৰসকলৰ ব্যক্তিগত বিষয়ো সামাজিক মাধ্যমত কেনেদৰে দ্ৰুতগতিত ৰাষ্ট্ৰীয় আলোচনাৰ বিষয় হৈ পৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...