বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা ধৰি বিশ্বৰ দুখন শক্তিশালী ৰাষ্ট্ৰ ফ্ৰান্স আৰু স্পেইনে পৰ্যায়ক্ৰমে শাসন চলাই আহিছে। ফিজেন্ট আইলেণ্ড (Pheasant Island) নামৰ এই দ্বীপটো ফ্ৰান্স আৰু স্পেইনৰ সীমান্তত বৈ যোৱা বিদাছোৱা নদীৰ সোঁমাজত অৱস্থিত। এই দ্বীপটোৰ অনন্য বিশেষত্ব হ’ল যে প্ৰতি বছৰে ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ জুলাইলৈ ইয়াৰ সাৰ্বভৌমত্ব স্পেইনৰ হাতত থাকে আৰু ১ আগষ্টৰ পৰা ৩১ জানুৱাৰীলৈ সমগ্ৰ শাসন ভাৰ ফ্ৰান্সৰ নিয়ন্ত্ৰণলৈ যায়। কোনো সংঘাত বা মতানৈক্য নোহোৱাকৈ শত-শত বছৰ ধৰি অত্যন্ত শান্তিপূৰ্ণভাৱে এই পৰম্পৰা চলি আহিছে।

দৈৰ্ঘ্যত প্ৰায় ২০০ মিটাৰ আৰু প্ৰস্থত ৪০ মিটাৰ এই সৰু দ্বীপটোত কোনো স্থায়ী বাসিন্দা নাথাকে। পৰিৱেশ আৰু ঐতিহাসিক গুৰুত্বৰ বাবে ইয়াত সাধাৰণ ৰাইজৰ প্ৰৱেশো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই অনবদ্য ব্যৱস্থাটোৰ আঁৰত আছে ১৭ শতিকাৰ এক ঐতিহাসিক শান্তি চুক্তি। ১৬৫৯ চনত ফ্ৰান্স আৰু স্পেইনৰ মাজত চলি থকা ৩০ বছৰীয়া ভয়াবহ যুদ্ধৰ অৱসান ঘটাবলৈ নদীৰ সোঁমাজত থকা এই নিৰপেক্ষ দ্বীপটোক শান্তি আলোচনাৰ স্থলী হিচাপে বাছি লোৱা হৈছিল। আলোচনাৰ সফল সামৰণি ঘটাই দুয়োখন দেশে ‘পায়েৰেনিজৰ সন্ধি’ (Treaty of the Pyrenees) নামৰ ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰে আৰু দ্বীপটো যৌথভাৱে শাসন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আন্তঃৰাষ্ট্ৰীয় আইনৰ ভাষাত এইদৰে দুখন বা ততোধিক দেশে একত্ৰিতভাৱে কোনো ভূখণ্ডৰ সাৰ্বভৌমত্ব নিয়ন্ত্ৰণ কৰা প্ৰক্ৰিয়াক ‘কনড’মিনিয়াম’ (Condominium) বুলি জনা যায়। সেই অনুসৰি ফিজেন্ট আইলেণ্ড হৈছে বিশ্বৰ আটাইতকৈ পুৰণি আৰু সক্ৰিয় কনড’মিনিয়াম। প্ৰতি ৬ মাহৰ মূৰে মূৰে দুয়োখন দেশৰ নৌসেনাৰ কমাণ্ডাৰ আৰু স্থানীয় বিষয়া সকলৰ উপস্থিতিৰ এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীত চৰকাৰী নথি-পত্ৰত স্বাক্ষৰ কৰি অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত এখন দেশৰ পৰা আনখন দেশলৈ শাসন ভাৰ শান্তিপূৰ্ণভাৱে হস্তান্তৰ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...