গৰু-ম’হ নহয় এইবাৰ পথাৰত থৰ

পথাৰত হাল বোৱাত সাধাৰণতে গৰু-ম’হ নাইবা ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। এইবাৰ পথাৰত হাল বোৱাত ব্যৱহাৰ বিলাসী Mahindra Thar। বিলাসী বাহনেৰে হাল বোৱাৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। সাধাৰণতে বিলাসী বাহন লোকসকলে যাত্ৰাৰ বাবে ব্যৱহাৰ কৰে। কিন্তু এই যুৱক জনৰ এই অদ্ভুত কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে। বিলাসী বাহনেৰে হাল বাই ভাইৰেল কাছাৰৰ কালাইন অঞ্চলৰ চাকিল আহমেদ। কিন্তু কিয় বিলাসী বাহনেৰে হাল বালে চাকিলে?

ইয়াৰ আঁৰতো আছে এক কাহিনী। চাকিলৰ এজন বন্ধুৰ এখন Thar বাহন আছিল। এদিন চাকিলে সেই বাহনখন চলাব বিচাৰিছিল। কিন্তু চাকিলৰ সেই বন্ধুজনে চাকিলক বাহনখন চলোৱাত বাধা দিলে। চাকিলে সেই দিনাই শপত খালে যে চাকিলে নিজে Thar বাহন ক্ৰয় কৰিব। কথামতেই কাম। চাকিলে শনিবাৰে এখন নতুন থাৰ বাহন ক্ৰয় কৰিলে। ক্ৰয় কৰিয়ে পথাৰত হাল বোৱাত ব্যস্ত হৈ পৰিল চাকিল। আৰু চাকিলৰ হাল বোৱা ভিডিঅ এতিয়া ভাইৰেল সামাজিক মাধ্যমত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...