একো বস্তুৱে ফ্ৰী নহয়, আনকি আপোনাৰ মৃত্যু…কাক লৈ আক্ষেপ জুবিন গাৰ্গৰ?

জুবিন গাৰ্গে অহা ১৭ জানুৱাৰীৰ পৰা পুনৰ ছবি নিৰ্মাণৰ কাম হাতত ল’ব৷ তেজপুৰত এই ছিজনৰ অন্তিমটো সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে জুবিন গাৰ্গে। অসমীয়া ল’ৰাই বৰ চিঞৰে৷ চিঞৰিবই লাগিব৷ নিচিঞৰাবোৰ চব্জি৷ আমি চিঞৰিম৷ আমি টাইগাৰ।

আমি সংগ্ৰাম কৰিম৷ আমি নিজে খেতি কৰিম৷ নিজে খাম৷ ফ্ৰী বস্তু আমাক নালাগে। যি চৰকাৰেই নহওক আমাক বিনামূলীয়া বস্তু নালাগে৷ আই ফোনৰ স্বত্ত্বাধিকাৰীৰ সংলাপেৰে জুবিন গাৰ্গে ক’লে কোনো বস্তুৱে দুনীয়াত ফ্ৰী নহয়, আনকি আপোনাৰ মৃত্যুও।

জুবিন গাৰ্গৰ আক্ষেপ — মোক বহু পলিটিচিয়ানে বুজি নাপায়৷ মোৰ চিন্তাবোৰ অলপ লেফ্টিষ্ট৷ গানৰ প্ৰসংগৰ পৰা চাইকেলৰ প্ৰসংগ উত্থাপন কৰি জুবিন গাৰ্গে আৰু কয় যে এখন চাইকেল লৈ ওলাই আহিছিলোঁ।

এটা সুৰা কোম্পানীৰ দ্বাৰা আয়োজিত বাঁহী শীৰ্ষক সংগীতানুষ্ঠানত জুবিনে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত পৰিৱেশন কৰাৰ মাজতে বহু কথা ব্যক্ত কৰে এনেদৰে প্ৰিয়শিল্পীজননে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...