প্লাষ্টিকৰ বটলৰ নাৱেৰে মহাবাহু ব্ৰহ্মপুত্ৰ ভ্ৰমণ সাহসী যুৱকৰ

গুৱাহাটী, ২২ জুন, NKTV: ১৬০০ পেলনীয়া প্লাষ্টিকৰ বটলেৰে সাজি উলিওৱা এখন সৰু নাও। এই প্লাষ্টিকৰ নাওখন ফেনে ফুটুকাৰে উফন্দি থকা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চলাই দূৰন্তৰ সাহসৰ পৰিচয় দিছে ধীৰাজ বিকাশ গগৈ নামৰ এজন প্ৰকৃতিপ্ৰেমী যুৱকে।

“ব্ৰহ্মপুত্ৰক প্লাষ্টিকমুক্ত” তথা প্ৰদূষণমুক্ত কৰাৰ সজাগতা মূলক বাণী বিলোৱাৰ উদ্দেশ্যে কালি নিজা প্ৰচেষ্টাৰে ডিব্ৰুগড়ৰ বগীবিলৰ পৰা যা‌ত্ৰা আৰম্ভ কৰা ধীৰাজে ১২ ঘন্টীয়া বিপদ সংকুল যাত্ৰা অতিক্ৰম কৰি যোৱা নিশা কটায় শিৱসাগৰ দিচাংমুখৰ অফলাত লুইতৰ চাপৰিত।

আজি পুনৰ পুৱাই প্লাষ্টিকৰ নাওখনেৰে শিৱসাগৰ জিলা অতিক্ৰমি মাজুলীলৈ বুলি ৰাওনা হয় বুমণি নামেৰেও পৰিচিত যুৱকজন। ABCD EXPLORATIONৰ উদ্যোগত এই প্ৰচেষ্টা তেওঁৰ।

দিখৌমুখতো আদৰণি প্ৰকৃতিপ্ৰেমী ধীৰাজ বিকাশ গগৈক। ধীৰাজৰ এই প্ৰচেষ্টাক আদৰণি জনায় দিখৌমুখবাসীয়ে।

লক্ষ্যণীয় যে বিগত ডেৰমাহ ধৰি পেলনীয়া প্লাষ্টিকৰ বটল সমূহ বুটলি লুইতৰ কাষৰীয়া এলেকা পৰিষ্কাৰ কৰিছিল যুৱকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...