কোনে, কিয় হত্যা কৰিলে ‘বাবু’ক?

নলবাৰী জিলাৰ জানিগোগত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ভায়েকৰ বিয়াৰ বাবে ঘৰলৈ আহিছিল আলিফ হক ওৰফে বাবু নামৰ যুৱকজন। পিছে শিৱসাগৰৰ পৰা ভাতৃৰ বিয়ালৈ অহা আলিফ হকৰ মৃতদেহ উদ্ধাৰ হয় ঘৰৰ সমীপতে।

পৰিয়ালৰ লোকৰ মতে কোনোৱে হত্যা কৰি পেলাই থৈ গৈছে আলিফৰ মৃতদেহ। শিৱসাগৰত ব্যাক্তিগত কোম্পানীত কৰ্মৰত আলীফ হকক কোনে কিয় হত্যা কৰিলে তাকে লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়গৈ আৰক্ষীৰ দল। আৰক্ষীয়ে আলিফৰ মোবাইল জব্দ কৰি আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব হত্যাৰ আঁৰৰ ৰহস্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...