যুৱক-যুৱতীসকল হৈছে দেশৰ বৰ্তমান; দেশৰ অতীত আৰু ভৱিষ্যতৰ মাজৰ সাঁকো : মন্ত্ৰী সিংহল

কোকৰাঝাৰত আয়োজিত ‘যুৱ, প্ৰশাসন আৰু গণতন্ত্ৰ’ শীৰ্ষক ৱাই-২০ আলোচনালানিৰ উদ্বোধনী সত্ৰত মুখ্য অতিথিৰূপে অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত আয়োজিত ‘যুৱ, প্ৰশাসন আৰু গণতন্ত্ৰ’ শীৰ্ষক ৱাই-টুৱেণ্টি আলোচনালানি (Y-20 Talk Series)ৰ উদ্বোধনী সত্ৰত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। দেশৰ যুৱ প্ৰজন্মক এক উজ্জ্বল আৰু শক্তিশালী ভৱিষ্যতৰ বাবে সবলীকৰণৰ লক্ষ্যৰে উপযুক্ত দিক্ নিৰ্দেশনা প্ৰদানৰ উদ্দেশ্য আগত ৰাখি আয়োজিত এই বিশেষ আলোচনাত অংশ গ্ৰহণ কৰি মন্ত্ৰী সিংহলে কয় যে সকলোৱে কোৱাৰ দৰে যুৱক-যুৱতীসকল দেশৰ ভৱিষ্যৎ নহয়, তেওঁলোক হৈছে দেশৰ বৰ্তমান। তেওঁলোক হৈছে দেশৰ অতীত আৰু ভৱিষ্যতৰ মাজৰ এক সাঁকো। এক শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ মূল ভেঁটিটোৱেই হৈছে দেশৰ যুৱশক্তি, যি সবল আৰু প্ৰাণৱন্ত নহ’লে ৰাষ্ট্ৰৰ মূল কাঠামোটোৱেই থুনুকা হৈ পৰিব। ৩৫ বছৰৰ অনুৰ্ধ্বৰ ৬৫ শতাংশ নাগৰিকেৰে ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ যুৱ দেশ বুলি উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ বিশ্বই আজি গভীৰ প্ৰত্যাশাৰে আমাৰ দেশলৈ চাই আছে। স্বামী বিবেকানন্দ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ বাণী উদ্ধৃত কৰি তেওঁ দেশৰ নৱ প্ৰজন্মক নঞাৰ্থক চিন্তাধাৰা পৰিহাৰ কৰি ইতিবাচক আৰু সৃষ্টিশীল কাম-কাজত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।

ভাৰতবৰ্ষক বিশ্বৰ গণতন্ত্ৰৰ মাতৃ বুলি উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদ‌যাপন কৰাৰ এই বিশেষ সময়ছোৱাতে ভাৰতবৰ্ষই পোনপ্ৰথমবাৰৰ বাবে জি-২০ ৰাষ্ট্ৰগোটৰ অধ্যক্ষৰ গুৰু দায়িত্ব লাভ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা। সেইদৰে এসময়ত সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিৰ বাবে সংবাদ শিৰোনামত থকা উত্তৰ-পূবৰ এই কোকৰাঝাৰ চহৰত আজি ৱাই-২০ৰ আলোচনা চক্ৰ আয়োজিত হোৱাটো আৰু ১৫০০ৰো অধিক যুৱক-যুৱতীয়ে একাগ্ৰচিত্তে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো পৰিৱৰ্তনশীল নৱ ভাৰতৰ উজ্জ্বল চানেকি বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি আয়োজিত আজিৰ এই বিশেষ আলোচনালানিয়ে ইয়াৰ মূল অংশীদাৰ, নীতি নিৰ্ধাৰক, বিশেষজ্ঞ, যুৱ নেতা আদিক একত্ৰিত কৰাৰ লগতে গণতান্ত্ৰিক মূল্যবোধ, সুশাসন, আৰু যুৱ সবলীকৰণত সহায়ক হোৱাৰ লগতে ভাৰতৰ বহনক্ষম উন্নয়ন আৰু প্ৰগতিত অৰিহণা যোগাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ তথা ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিশিষ্ট ৰাষ্ট্ৰীয় নেতা তথা ভাৰতীয় পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ সম্বিত পাত্ৰ, বড়োলেণ্ড আঞ্চলিক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিশিষ্ট উদ্যোগপতি কে উল্লাছ কামাথ, বিশিষ্ট সাহিত্যিক-অনুবাদক দিগন্ত বিশ্ব শৰ্মাৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ডেৰ সহস্ৰাধিক যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

372 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...